ম্যানমাৰৰ অটব্য অৰণ্যৰ পৰা উভতি আহি স্ব গৃহত উপস্থিত হল আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসম। জাগুন চন্দ্ৰপুৰ কোলাপথাৰৰ নিজ গৃহৰ পৰা পৰিয়ালৰ সকলোকে এৰি থৈ পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান মাধুৰ্য্যই ২০১৭ চনৰ আগষ্ট মাহৰ শেষৰ ফালে আলফা স্বাধীনত যোগদান কৰিছিল। প্রায় চাৰি বছৰৰ মূৰত নিজৰ আপোন ঘৰখনলৈ মনত পৰাত আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ উভতি আহে মাধুৰ্য্য ওৰফে নিউটন অসম। সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকি যোৱা ১২ অক্টোবৰ তাৰিখে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল নিউটন অসমে। আত্মসমৰ্পণ কৰাৰ প্ৰায় ৮ দিনৰ অন্তত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ জাগুনৰ চন্দ্ৰপুৰ কোলাপথাৰৰ নিজ গৃহত উপস্থিত হয় মাধুৰ্য্য ওৰফে নিউটন অসম।মাধুৰ্য্যই জানিবলৈ দিয়া অনুসৰি আলফাৰ প্ৰতি সেই সময়ত আকৰ্ষিত হয় নিজ ইচ্ছাৰেই আলফা স্বাধীনত যোগদান কৰিছিল আৰু আত্মসমৰ্পণ কৰাৰ ক্ষেত্ৰতো মাধুৰ্য্যই সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। আলফাত থকা সময়ছোৱাত সংগঠনৰ প্ৰতিজন সদস্যৰ সৈতে আত্মীয়তা বজাই ৰাখি সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে সংগঠনৰ দায়িত্ব পালন কৰাৰ কথা জানিবলৈ দিয়ে মাধুৰ্য্যই।উল্লেখযোগ্য যে মাধুৰ্য্য অসম ওৰফে নিউটন অসমৰ পিতৃ খগেন সোণোৱাল ওৰফে বাবু সোণোৱালে এসময়ত আলফাৰ বাবে সুদীৰ্ঘ সোতৰ বছৰ সময় দি বৰ্তমান সময়ত কৃষি কৰ্মত মনোনিবেশ কৰি নিজকে এজন আদৰ্শ খেতিয়ক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে।মাধুৰ্য্যৰ মাতৃও এসময়ত আলফাত এক দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান মাধুৰ্য্য নিজ আপোন ঘৰখনত আহি উপস্থিত হোৱাত স্বাভাৱিকতে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰাৰ লগতে পিতৃ মাতৃ যথেষ্ট আবেগিক হৈ পৰা পৰিলক্ষিত হৈছে। মাধুৰ্য্যৰ পিতৃ বাবু সোনোৱালে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ এটাই আহ্বান জনাইছে যে আলফা আৰু ভাৰত চৰকাৰৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ এক স্থায়ী সমাধানৰ বাট মুকলি কৰিব লাগে যাতে ভৱিষ্যতে অসমৰ উঠি অহা যুৱপ্ৰজন্মই সশস্ত্ৰ সংগ্রামেৰে নিজৰ আৰু জাতিটোৰ প্ৰাপ্য অধিকাৰৰ বাবে যুদ্ধ কৰিব লগা নহয়।একালৰ দুধৰ্ষ আলফা কেডাৰ আৰু বৰ্তমানৰ এজন আদৰ্শ খেতিয়ক খগেন সোণোৱাল ওৰফে বাবু সোণোৱালৰ পদাংককেই অনুসৰণ কৰি ভৱিষ্যতে এজন প্ৰতিষ্ঠিত খেতিয়ক হিচাপে নিজকে আত্মনিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে মাধুৰ্য্য অসম ওৰফে নিউটন অসমে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…