Breaking

কা বাতিল আৰু অখিল গগৈক মুক্তিৰ দাবীত টংলাত কৃষক মুক্তিৰ প্ৰতিবাদ ।

0 1,601

দৈনন্দিন বাৰ্তাৰ সেৱা টংলাঃ

কৌস্তুভমনি শৰ্মা ৮ জুন, কা আন্দোলনৰ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ মূখ্য উপদেষ্টা অখিল গগৈ, যুটীয়া সম্পাদক ধৰ্য কোঁৱৰ আৰু ছাত্র মুক্তিৰ সভাপতি বিতু সোনোৱল , ছাত্র মুক্তিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰক অতি শিঘ্রে মুক্তিৰ দাবীত ৮ জুন সোমবাৰে টংলা স্হিত হৰিশিঙা
ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত অখিল গগৈক মুক্তি দিয়ক, বিজেপি হুচিয়াৰ, আৰ এছ এছ গ বেক, বিজেপি চৰকাৰ হায় হায়, কা আমি নামানো, কা বাতিল কৰিব লাগিবই আদি স্লোগানেৰে সম্পূর্ণ ভাবে সামজিক দুৰত্ব বজাই ৰাখি ওদালগুৰি জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত ওদালগুৰি জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক পংকজ অসমীয়াই কয় যে-
নাগৰিকত্ব সংশোধনী আইন ,২০১৯ বাতিলৰ দাবীত গঢ়ি উঠা অসমবাসীৰ স্বতঃস্ফূৰ্ত সংগ্ৰামৰ উমঘাম নাই , ক’ৰ’নাৰ ত্ৰাসে দল-সংগঠন-মঞ্চ সমূহৰ আন্দোলন স্তিমিত কৰিলে ,পাঁচজন অসমীয়া ডেকা শ্বহীদ হল । ১২ ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ ওপৰত হোৱা অন্যায়ৰ ১৮০টা দিন অতিক্ৰম হল । ২০১৫ চনতেই বিদেশীক স্বদেশী কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰম্ভ হোৱা আন্দোলন পিছলৈ সমগ্ৰ অসমলৈ বিয়পি পৰে । কেব বিৰোধী সংগ্ৰাম চলি থকাৰ মাজতেই অখিল গগৈ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত দীৰ্ঘদিন কাৰাবন্দী হব লগাওঁ হয় , পিছলৈ উচ্চ ন্যায়ালয়ে অখিল গগৈ তথা সংগ্ৰামী জনগণৰ পক্ষত ৰায় প্ৰদান কৰে । কিন্তু গণতন্ত্ৰক নস্যাৎ কৰি জাতিধ্বংসী আইন গৃহীত কৰাৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনক বিভাজিত আৰু দুৰ্বল কৰিবৰ বাবে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত এই দীৰ্ঘদিনৰ বন্দীত্ব বা কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ ওপৰত নমাই অনা ৰাষ্ট্ৰঃ সন্ত্ৰাসৰ বিৰুদ্ধে কেন্দ্ৰীয় কাৰ্য্যসূচীৰ অংশ হিচাপে ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সামাজিক ব্যৱধান বৰ্তাই ৰাখি টংলা চহৰৰ হৰিশিঙা ৰাজহ চক্ৰৰ কাৰ্য্যলয়ৰ সমূখত আজি দিনৰ ১১বাজি ৩০ মিনিটৰ পৰা আধা ঘন্টীয়া এটি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছোঁ।
ওদালগুৰি জিলা সমিতিৰ সভাপতি দীপক শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ অসমীয়াই নেতৃত্ব প্ৰদান কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা বিজেপি চৰকাৰক অতি শীঘ্ৰেই অখিল গগৈ প্ৰমুখ্যে কা বিৰোধী আন্দোলনৰ সকলো কাৰবন্দীক মুক্তি, কা বাতিল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মী সকলৰ প্ৰতি চৰকাৰে আৰক্ষীৰ সহযোগত কৰি অহা দমন নিৰ্যাতন বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷

Leave A Reply