Breaking

ওৰাংৰ লক্ষ্মী পূজাৰ ১০০ বছৰ অতিক্ৰম

0 2,051

ওদালগুৰি জিলাৰ পূব প্ৰান্তত ভূটান অৰুণাচল সীমান্তত অৱস্থিত ওৰাং চাৰিআলিৰ মাজমাজিয়াত অৱস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ খনত প্ৰায়ে ১০০ ধৰি স্থানীয় লোকে প্ৰত্যেক বছৰে পালন কৰি আহিছে লক্ষ্মী পূজা ।সৌভাগ্য আৰু শান্তিৰ প্ৰতীক মা লক্ষ্মীৰ আশীস সকলোৰে জীৱনত প্ৰাপ্ত হওঁক তাৰে কামনাৰে লক্ষ্মী পূৰ্ণিমাৰ এই পৱিত্ৰ দিনটোত ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত নিজ নিজ পৰিয়ালৰ লগতে  ৰাজ্য খনৰ মংগল আৰু উন্নতিৰ  হেতুকে সমগ্ৰ ওৰাং বাসী ৰাইজে এই ঐতিহ্য মণ্ডিত পূজা থলীত পূজা অৰ্চনা কৰি আহিছে । ওৰাংত অৱস্থিত  শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত প্ৰায়ে ১০০ বছৰ ধৰি পূজা অৰ্চনা চলি আহিছে । ১০০ বছৰ পুৰণি এই পূজাত  ওৰাং অঞ্চলৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ পৰাও উক্ত পূজাৰ দিনা আহি পূজা অৰ্চনা কৰি আজি ১০০ বছৰ ধৰি স্থানীয় ৰাইজে এই শৈলী অৱলম্বন কৰি আহিছে । উক্ত লক্ষ্মী মন্দিৰ প্ৰাংগনত অতীজৰে পৰা লক্ষ্মী পূজা উপলক্ষে মেলা ,মিনাবজাৰ ,বিশেষকৈ থিয়েটাৰ আদি পাতি সমগ্ৰ অ ঞ্চলৰ ৰাইজক আকৰ্ষিত কৰি আহিছিল , ৷ যদিও ক্ৰমান্বয়ে উক্ত লক্ষ্মী মন্দিৰৰ প্ৰাংগণতেই সাহিত্য ভৱন , ৰংগমন্স সভা হল আৰু লক্ষ্মী মন্দিৰ কমিটিৰ কেইবাটাও দোকান গঢ় লোৱাৰ ফলত খেলপথাৰ সৰু হৈ পৰিছে যাৰ ফলত আগৰ তুলনাত বৃহৎ মেলা পাতিবলৈ অসুবিধা হলেও আগৰ দৰেই পূজা অৰ্চনা অব্যাহত আছে ।

Leave A Reply