বৰপথাৰত অন্ন মহোৎসৱৰ শুভাৰম্ভণি

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত আজি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত  “অন্ন মহোৎসৱ”ৰ শুভ উদ্বোধন  কৰা হয়।  মহকুমাটোৰ  দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ  প্ৰাংগণত আয়োজিত এক উদ্বোধনী অনুষ্ঠানৰ  জৰিয়তে অন্ন মহোৎসৱটিৰ শুভাৰম্ভণি কৰা হয়। এই অন্ন মহোৎসৱৰ জৰিয়তে  ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধীকাৰীসকলক 5 কিলো অতিৰিক্ত চাউলৰ সৈতে 10 কিলোকৈ চাউল প্ৰদান কৰা হব। আজিৰ এই অনুষ্ঠানতেই কেইবাজনো হিতাধীকাৰীক  দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ছবি সম্বলিত এটি মোনাৰ সৈতে 10 কিলোকৈ চাউল প্ৰদান কৰা হয়। এই শুভাৰম্ভণি অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কৃষাণ মৰ্চাৰ সদস্য সঞ্জীৱ বৰুৱা, দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ সভাপতি জগত বুঢ়াগোহাঁই, সমবায় সমিতিখনৰ সচিব ৰজত শৰ্মা আৰু সুলভ মূল্যৰ দোকানৰ এজেন্ট সমূহৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি  প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনি খনৰ ওপৰত আলোকপাত কৰা হয়।

Related Articles