ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক ড° চন্দ্ৰ কটকীৰ স্মাৰক বক্তৃতা অসমীয়া বিভাগৰ উদ্যোগত আৰু পৰিয়াল বৰ্গৰ সহযোগত সমাপন হৈ যায়। ‘পাশ্চাত্য দাৰ্শনিক মতবাদৰ আলোকত অসমীয়া সাহিত্য’ শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক ড° গিৰীশ বৰুৱাই কয়- ” কোনো এজন অসমীয়া সাহিত্যিকেই পাশ্চাত্য দৰ্শনৰ কোনো এটা মতবাদকে সম্পূৰ্ণৰূপে আয়ত্ত কৰা নাই। তেওঁলোকৰ সাহিত্যত সেইবোৰৰ আংশিক প্ৰভাবহে পৰিছে- কাৰোবাৰ ক্ষেত্ৰত প্ৰত্যক্ষভাবে আৰু কাৰোবাৰ ক্ষেত্ৰত পৰোক্ষভাবে। দুখৰ বিষয় যে অসমীয়া সাহিত্যত নিজৰ ববীয়াকৈ কোনো স্বতন্ত্ৰ মতবাদ গঢ়ি নুঠিল।” ড° বৰুৱাই লিখক সকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় যে তেওঁলোকে যেন এটা মতবাদক সম্পূৰ্ণৰূপে আয়ত্ত কৰি তাৰ ভিত্তিত সাহিত্য ৰচনা কৰে।
উক্ত বক্তৃতানুষ্ঠানতে ড° বৰুৱাৰ ‘সংস্কৃত নাটক আৰু নাট্যকাৰ’ আৰু ড° চন্দ্ৰ কটকীৰ ‘চন্দ্ৰ কটকীৰ কবিতা’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপিকা দীপা গোস্বামী আৰু যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ বৰাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- এই ৩টা অভ্যাস তৎক্ষণাত এৰি দিয়ক, নহ’লে সলনি কৰক এই ৩টা অভ্যাস…
- ১১-১২ মে’ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱঃ চহা শিল্পী চক্ৰপতি দেউৰীলৈ শিল্পী অই আপ্পুন গণেশ পেগু বঁটা…
- অসমৰ কল্যান আৰু উন্নতি বিচৰাসকলে ভাজপা-মিত্ৰজোঁটক জয়যুক্ত কৰিবঃ অজন্তা নেওগ…
- পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰাৰ অপ্ৰাণ চেষ্টা ন-শিল্পী পাৰ্থ প্ৰতীম দাসৰ…
- নিৰ্মল হালৈ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰত “আমাৰ পাটাছাৰকুছি” শীৰ্ষক গ্রন্থ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন…
- ডিমৌ ৰাজহ চক্রৰ নিতাইপুখুৰীত ৩৫ বছৰে উন্মুক্ত হৈ পৰি আছে দুৱৰীছিগা ডুবি, ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ