নদলাত নতুন শিক্ষানীতি সন্দৰ্ভত শিক্ষক প্ৰশিক্ষণ সম্পন্ন

পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নদলাৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত নতুন শিক্ষানীতি সন্দৰ্ভত কালি  শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ৰাতিপুৱা ১০:৩০ বজাত অনুষ্ঠিত উক্ত শিক্ষক প্ৰশিক্ষণ শিবিৰটোত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ ৩৫ নং পশ্চিম ধৰ্মপুৰ আৰু ৩৭ নং পশ্চিম ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত শতাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ৷ উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত কুমাৰ ভাগৱতীৰ সঞ্চালনাত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই মুখ্য অতিতি হিচাপে উপস্থিত থাকি বৰ্তমান শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে অৱগত কৰে ৷ সমগ্ৰ শিক্ষা, নলবাৰীৰ জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) আবেদুৰ ৰহমানে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি নতুন শিক্ষানীতিয়ে আনিবলগীয়া যুগান্তকাৰী পৰিবৰ্তনৰ বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰে ৷ তদুপৰি তেওঁ নেচনেল এচিভমেণ্ট চাৰ্ভে সন্দৰ্ভতো বক্তব্য আগবঢ়ায় ৷ ২৫ নং ৰূপীয়াবাথান মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জোন কুমাৰ হালৈয়ে নতুন শিক্ষানীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলক ভাষা আৰু সাংখ্যিক ধাৰণাৰ ফলপ্ৰসূ শিক্ষা প্ৰদানৰ উদ্দেশ্যে ভাৰত চৰকাৰে নতুনকৈ গঠন কৰা “নিপূণ ভাৰত মিচন” সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আব্দুল দিল আহমেদে বৰ্তমান শিক্ষা বিভাগে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অনলাইন পদ্ধতিৰে গ্ৰহণ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিবলৈ লোৱা “ৰিম্‌চ” এপৰ বিষয়ে শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ ৩৫ নং পশ্চিম ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰাজীৱ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা শিক্ষক প্ৰশিক্ষণ শিবিৰৰ শেষত শলাগৰ শৰাই আগবঢ়ায় শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক বিপুল বৰ্মনে ৷

Related Articles