বজালী কাৰাটে ড’ৰ উদ্যোগত আৰু বৰপেটা জিলা কাৰাটে সন্থাৰ সৌজন্যত জিলা ভিত্তিক প্ৰশিক্ষণ দুদিনীয়াকৈ তথা আজিৰে পৰা পাঠশালাস্থিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হৈছে।এই উপলক্ষে আজি ৰাতিপুৱা পতাকা উত্তোলন কৰে বজালীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীব কুমাৰ তালুকদাৰে৷ ইয়াৰ পিচতে গছপুলি ৰোপন কৰে জেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে৷ প্ৰশিক্ষাৰ্থী সকলৰ নাম পঞ্জিয়নৰ পিচতে আবেলি ৩ বজাত প্ৰশিক্ষণৰ আৰম্ভণি কৰা হয়৷ ৬ দান ব্লেক বেল্ট তথা নবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক পোৱা চেচান সমীৰ দাসে৷ প্ৰশিক্ষনৰ ৱাৰ্ম আপ কৰে ২ ডান ব্লেক বেল্ট পোৱা ঈশানী দেউৰীয়ে৷এই প্ৰশিক্ষণত প্ৰথম দিনা বজালী কাৰাটে দোৰ প্ৰশিক্ষাৰ্থী সকলৰ উপৰিও বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় ৬০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে৷ অহা কাইলৈ প্ৰশিক্ষণ দুইও বেলা ৰাতিপুৱা আৰু আবেলি অনুষ্ঠিত কৰা হব৷প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা প্ৰশিক্ষক সকল হল শৈলেন্দ্ৰ দাস বৰপেটা জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক, কৃষ্ণ কান্ত দাস সভাপতি বৰপেটা জিলা ৰাৰটে সন্থা, সঞ্জীৱ দেউৰী, কাৰ্যকৰী সভাপতি, অৰ্ণবজান শৰ্মা,কন্দৰ্প কুমাৰ দাস, ভাস্কৰ শৰ্মা, ঈশানী দেউৰী, ৰাতুল দাস, পংকজ পাঠক, অসীম তালুকদাৰ আৰু দীপক কুমাৰ দাসে৷ আদৰনি সমিতিৰ সভাপতি তুতুল মানব আৰু উপদেষ্টা নৱ তালুকদাৰ।জানিব পৰা মতে অহাকালি এই অনুষ্ঠানত মন্ত্ৰী ৰনজিত কুমাৰ দাস, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰাপ্ৰসাদ দাস , পাটাছাৰকুছি সমষ্টিৰ প্ৰাক্তন বিধায়ক ড° মলয়া বৰ্মণ আদিয়ে প্ৰশিক্ষণ থলীত উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহ প্ৰদান কৰিব৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…