দৰঙৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত কৌপাটিৰ নেপালি গাওঁ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সদৌ অসম বাঙালী পৰিষদৰ দৰং জিলা সমিতিৰ এখনি কাৰ্যনিৰ্বাহক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ বিতৰ্কিত নেতা তথা হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ । সভাৰ অন্তত তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে , বাংলাদেশ ভাৰতবৰ্ষৰ পৰা জন্ম হৈছে । ধৰ্ম পৰিৱৰ্তন হৈ মুছলমান হোৱা সকলে পাহৰিব নালাগে নিজৰ সভ্যতা । মূৰ্তিৰ চৰনত কোনে কোৰআন ৰাখিছে সেয়া স্পষ্ট হৈ গৈছে । কোনো হিন্দুৱে মূৰ্তিৰ চৰনত কোৰআন ৰখা নাই । বাংলাদেশৰ ৬ শতাংশ হিন্দুৱে কেনেকৈ এই সাহস কৰিব । ভাৰতবৰ্ষৰ ৭০ শতাংশ হিন্দুয়ে মূৰ্তিৰ চৰনত কোৰআন ৰখাৰ সাহস কৰিব পৰা নাই । ভাৰতবৰ্ষত ৭০ শতাংশ হিন্দুৱে মুছলমানক অত্যাচাৰ – আক্ৰমন কৰা নাই । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , নগেন শইকীয়াক উভতি ধৰি শিলাদিত্যই কয় যে , এক ইঞ্জি মাটিও এৰি দিয়া নহয় । অসম বহু ভাগ হ’ল আৰু ভাগ নকৰিব । পাৰিলে অসমক শক্তিশালী কৰক, ভাগ ভাগ কৰি বিভাজন কৰিব নালাগে । নহ’লে গোৱালপাৰা, ধুবুৰীক দিব লাগিব মিঞালেণ্ড ।শিলাদিত্য অসমীয়া নে বঙালী ? জলজীৱন কি অসমীয়া নে বঙালী ? অসমীয়াত লিখা জলজীৱনৰ নাম কাটি বঙালীত কেনেকৈ লিখিব ? বুলিও সাংবাদিকক প্ৰশ্ন শিলাদিত্যৰ । লগতে কয় যে , মূৰ্তিৰ চৰনত কোৰআন ৰখা ব্যক্তিৰ বিৰুদ্ধে বাংলাদেশ চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া চাবলগীয়া । উল্লেখযোগ্য যে , বাংলাদেশৰ কুমিল্লাৰ ঘটনাক ঘাপ দিয়াৰ উদ্দেশ্যে মোগলৰ বংশৰ সকলে পৰিকল্পিত ভাৱে বৰাক কাণ্ড সংঘটিত কৰিছে বুলি বিস্ফোৰক মন্তব্য কৰে বিতৰ্কিত বিধায়ক গৰাকীয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…