শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ নলবাৰী জিলা শাখাৰ অন্তৰ্গত উত্তৰ পশ্চিম তামুলপুৰ আঞ্চলিক শাখাৰ ৩০ সংখ্যক অধিবেশনৰ আদৰণি সমিতিখন কালি গঠন কৰা হয়। উত্তৰ পশ্চিম তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখা,আল্লিয়াত আঞ্চলিক শাখাৰ সভাপতি হৰমোহন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোগেশ কলিতাক সভাপতি আৰু ছাত্ৰনেতা অৰ্জুন দাসক সাধাৰণ সম্পাদক হিচাপে লৈ অধিৱেশনৰ আদৰণি সমিতিখন গঠন কৰা হয়।আঞ্চলিক শাখাৰ সম্পাদক পবিত্ৰ দাসে আঁত ধৰা সভাখনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুলৰ প্ৰচাৰক মনিৰাম দাস,নলবাৰী জিলা শাখাৰ উপ-সভাপতি অতুল কলিতা,জিলা সদস্য মুকুন্দ দাস আৰু আঞ্চলিক শাখাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখাত ২০২২ বৰ্ষৰ ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে দুদিনীয়াকৈ আঞ্চলিক শাখাৰ অধিৱেশনখনি অনুষ্ঠিত হ’ৱ।মুলৰ প্ৰচাৰক মনিৰাম দাসে সভাত উপস্থিত থাকি গঠন হোৱা আদৰণি সমিতিখন শক্তিশালী সমিতি হোৱা বুলি কৈ সমিতিখনক অনুষ্ঠানটি সূচাৰূৰূপে পৰিচালনা কৰিবলৈ পৰামৰ্শ দিয়ে।!আজিৰ সভাত শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখাৰ সভাপতি বশিষ্ঠ দাস , সম্পাদক ৰজনী দাসৰ লগতে শিক্ষক,সমাজকৰ্মী ব্যক্তি সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…
- বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…
- দলগাঁৱৰ পাণবাৰীত দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ…
- শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…
- জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…
- বেছিভাগ মানুহৰে পেট বঢ়া! বঢ়া পেট কমাব কেনেকৈ? শিকি লওক টিপচ…
- কালদিয়া নৈত সন্ধানহীন কিশোৰীৰ সন্ধানত SDRFৰ অভিযান…