লাহৰীঘাটত এগৰাকী হিন্দু মহিলাক এজন মুছলমান চৰকাৰী কৰ্মচাৰীয়ে নিশা অপহৰণ কৰি নি অচেতন অৱস্হাত পেলাই থৈ গ’ল ৰাস্তাৰ দাঁতিত। পলাতক যুৱক জনৰ গ্ৰেপ্তাৰৰ দাবীতৰবিবাৰে তীব্ৰ প্ৰতিবাদ জেংপৰিত।ভূৰাগাঁও থানাৰ অন্তৰ্গত নিজ চহৰীয়া পঞ্চায়তৰ জি আৰ এছ ছফিকুল ইছলামৰ গ্ৰেপ্তাৰৰ দাবীত জেংপৰিত ৰবিবাৰে প্ৰতিবাদ । ১৭ অক্টোবৰত এগৰাকী হিন্দু মহিলাক নিশা অপহৰণ কৰি নি অচেতন অৱস্হাত নিজ চহৰীয়া পঞ্চায়তৰ GRS ছফিকুলে ৰাস্তাৰ দাঁতিত পেলাই থৈ যোৱাৰ অভিযোগত এই প্ৰতিবাদ। দৈব্য ক্ৰমে সংজ্ঞা ঘুৰাই পোৱাত মহিলা গৰাকীয়ে মাতৃৰ গৃহলৈ গৈ সমস্ত বিবৰি কৈছিল।১৮ অক্টোবৰত ছফিকুলৰ বিৰুদ্ধে মহিলা গৰাকীৰ স্বামীয়ে ভূৰাগাঁও থানাত এজাহাৰ দাখিল কৰিছিল লম্পট ছফিকুলৰ বিৰুদ্ধে। কিন্তু বৰ্তমানো ভূৰাগাঁও আৰক্ষীয়ে আটক কৰিব পৰা নাই ছফিকুলক। নিৰ্যাতিতা মহিলা গৰাকীৰ মুখেৰেই শুনক সেইদিনা প্ৰকৃততে কি ঘটিছিল তেওঁৰ লগতলম্পট ছফিকুল ইছলামৰ বিৰুদ্ধে পূৰ্বেও উত্থাপিত হৈছিল বহু নাৰীৰ শ্লীলতা হানিৰ অভিযোগ।বছৰত দুই তিনি বাৰ বহিঃ ৰাজ্যলৈ প্ৰমোদ বিহাৰ কৰিব যোৱা ছফিকুলে অৱশেষত অঞ্চল টোৰ হিন্দু মোছলমানৰ সম্প্ৰীতিৰ এনাজৰীও কুলষিত কৰিলে।আৰক্ষীৰ ভুমিকাক লৈ অসন্তুষ্টি প্ৰকাশ অঞ্চলবাসীৰ। ছফিকুলক চাকৰিৰ পৰা নিলম্বন কৰি দৃষ্টান্তমুলক শাস্তি দিয়াৰ দাবী কৰি অৱশেষত এনেদৰে প্ৰতিবাদত নামি পৰে গাঁওবাসী। এনে প্ৰতিবাদৰ পাছত ভূৰাগাঁও আৰক্ষীয়ে ছফিকুলক কৰায়ত্ব কৰিবলৈ সক্ষম হবনে নহয় সেয়াহে লক্ষনীয় হৈ পৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…