মেৰাপানীৰ সীমান্ত গাঁও পঞ্চায়তৰ এক বৃহত্তৰ অঞ্চলৰ কেইবাশতাধিক কৃষকৰ হাহাকাৰ অৱস্থা। খৰাঙৰ কৱলত পৰি এই অঞ্চলত কেইবাশবিঘা কৃষিভূমিত এটাও ধান উৎপাদন নহ’ল। সঠিক সময়ত পানীৰ অভাৱৰ বাবেই বিঘা বিঘা ধানখেতিৰ পথাৰ শুকাই যোৱাৰ ফলত পথাৰত উৎপাদন নহ’ল ধান। আৰু কিছুদিনৰ পাছতে আঘোনৰ পথাৰত ভিন্ন প্ৰান্তৰ কৃষকে ধান চপাবলৈ আৰম্ভ কৰিব যদিও সীমান্ত গাঁও পঞ্চায়তৰ নাগপুৰ, জেৰেঙাপথাৰ, নাৰায়ণপুৰ আদি অঞ্চলৰ কৃষকে খৰাঙৰ কৱলত পৰি শুকাই যোৱা পথাৰত চকুপানী টুকিছে। খং আৰু দুখত গৰু মেলি দিছে ধানৰ পথাৰত। এই অঞ্চলটোৰ অধিকাংশ ৰাইজেই ধানখেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিজৰ পৰিয়ালটোৰ ভৱিষ্যতৰ ভৰণ- পোষনৰ সকলো দিশ নিৰ্ধাৰণ কৰে যদিও বৰ্তমান খৰাংপৰিস্থিতিত এটাও ধান উৎপাদন নোহোৱাটো খাটাং হৈ পৰিছে। ফলত অনাগত দিনত কেনেদৰে নিজৰ পৰিয়ালটোক ভৰণ পোষণ দিব তাকলৈ চিন্তাত নিদ্ৰাহৰণ হৈছে নাগপুৰ, জেৰেঙাপথাৰ আদি অঞ্চলৰ কৃষকৰ। পৰিয়ালৰ স্বাস্থ্য, সন্তানৰ শিক্ষা-দীক্ষাৰ দিশত এক অনিশ্চিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি গভীৰ আশংকাত ভোগিছে কৃষকসকল। এই অঞ্চলৰ কৃষকসকলে অহাবছৰটোত পৰিয়াল পোহপালৰ স্বাৰ্থত হয় বৰ্হিৰাজ্যলৈ গমণ অথবা অন্য বৃত্তিত নিয়োজিত হ’ব লাগিব। গোলাঘাট জিলাখনত এটা বিয়াগোম কৃষিবিভাগ থকাৰ লগতে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গোলাঘাট জিলাৰেই হোৱাৰ পাছটো এই দুৰ্য্যোগৰ সময়তো কৃষক ৰাইজৰ কাষত এবাৰ থিয় হবলৈ আহৰি নথকাত ক্ষোভ প্ৰকাশ কৰিছে কৃষকসকলে। স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগেও কৃষকসকলৰ দুৰ্দিনৰ সময়ত খবৰ ল’বলৈ আহৰি নোপোৱা বুলি উল্লেখ কৰি কৃষকসকলে অঞ্চলটোত জৰীপ কৰি খৰাংপীড়িত কৃষক ৰাইজক ক্ষতিপূৰণ দিবলৈ আৰু খেতিপথাৰত জলসিঞ্চন আঁচনিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চৰকাৰী আঁচনি- শিক্ষাৰ্থীৰ যাৱতীয় নথি-পত্ৰৰ বাবে অনলাইন সেৱা শিৱিৰ সম্পন্ন…
- দেশলৈ ঘূৰি আহিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি অভিযুক্ত প্ৰজ্জ্বল ৰেভান্না…
- বনজুইঃ উত্তৰাখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীক কিয় নিৰ্বাচনী কামত ব্যৱহাৰ কৰা হৈছিল?
- প্ৰতিবাদলৈ কেৰেপ নকৰিলে চৰকাৰেঃ দেশত কাৰ্যকৰী কৰা হ’ল কা, প্ৰথমবাৰৰ বাবে ১৪ জন আৱেদনকাৰীয়ে কাৰ অধীনত লাভ কৰিলে নাগৰিকত্ব…
- আৰইচি লিমিটেডৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰ্ষ বাৱেজাই…
- মানি লণ্ডাৰিং গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক…
- বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা! গাড়ী চলাওঁতে হাৰ্ট এটেক কিয় আহে, যদি শৰীৰত এই লক্ষণসমূহ দেখা দিয়ে তেন্তে সাৱধান হওক…
- খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- ইউএছটিএমত জৈৱবিজ্ঞানৰ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ
- সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান