দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নৰেন শৰ্মা স্মৃতি পথাৰত ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ গোলাঘাট জিলা সন্মিলন অনুষ্ঠিত হয়।এই উপলক্ষে প্ৰথম দিনা পুৱা চি পি আই এমৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেৱেন ভট্টাচাৰ্য্যই পাতাকা উত্তোলনৰ পাছতেই শ্বহীদ স্মৃতিত মাল্যৰ্পন কৰে চি পি আই এমৰ ৰাজ্যিক সদস্য নয়ন ভূঞাই। ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ড০ পূন্যেশ্বৰ বৰাই সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰে চি পি আই এমৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক যুগল নাথে। সভাত আমন্ত্ৰিত বক্তা হিচাবে অংশগ্ৰহণ কৰা ৰাজ্যিক সদস্য নয়ন ভূঞা আৰু দেৱেন ভট্টাচাৰ্য্যই বিজেপি চৰকাৰ খনে গ্ৰহণ জনসাধাৰণ বিৰোধী নীতি সমুহৰ বিষয়ে বক্তব্য দাঙি ধৰে। দ্বিতীয় দিনা গোবিন্দ সিন্হা,ভৱেশ চন্দ্ৰ দত্ত আৰু জয়দা হাজৰিকাৰ দ্বাৰা গঠিত সভাপতি মণ্ডলীৰ পৰিচালনাত CPI(M)ৰ গোলাঘাট জিলা প্ৰতিনিধি সন্মিলন অনুস্থিত হয়।প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবহায় অভ্যৰ্থনা সমিতিৰ সভাপতি ড.পূণ্যেশ্বৰ বৰাই আৰু উদ্বোধনী ভাষণ ডাঙি ধৰে CPI(M)ৰ অসম ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই।জিলা সম্পাদক যুগল নাথে উত্থাপন কৰা বিগত তিনি বছৰীয়া কাৰ্যকালৰ কাম-কাজ আৰু বৰ্তমান পৰিস্থিতি সম্পৰ্কীয় প্ৰতিবেদন প্ৰতানিধিসকলৰ আলোচনাৰ মাজেৰে সৰ্বসন্মতি ভাবে গ্ৰহণ কৰে।সন্মিলনৰ সামৰণি ভাষণ আগবঢ়ায় চিপিআই এমৰ ৰাজ্যিক কমিটিৰ যুৱ নেতা নয়ন ভূঞাই।সন্মিলনে যুগল নাথক সৰ্বসন্মতভাবে সম্পাদক নিৰ্বাচন কৰি নতুন ১১ জনীয়া মূল জিলা কমিতি গঠন কৰে।সন্মিলনত মূল্যবৃদ্ধিৰ প্ৰতিবাদত, গো-সুৰক্ষা বিধেয়ক বাতিল কৰা,গোলাঘাট জিলাৰ খৰাংপিড়ীত কৃষকক চৰকাৰী সাহাৰ্য প্ৰদান কৰা,চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ মান আৰু পৰিকাঠামো উন্নত কৰা,সীমা সমস্যাৰ স্থায়ী আৰু ন্যায় সন্মত সমাধান কৰা আদি দাবীৰ ভিত্তিত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…