Breaking

চামতাত কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন

0 34

পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত তথা পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সহযোগত কালি  চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে, ৰাতিপুৱা প্ৰায় ৯ বজাত পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তপন কুমাৰ শৰ্মাই পৰিষদৰ পতাকা উত্তোলন কৰে । ইয়াৰ পিছতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে ক্ৰমে শ্বহীদ পত্নী মঞ্জু বৰ্মন, প্ৰাক্তন ছাত্ৰনেতা এম হাছান আলী আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে । সন্ধিয়া কৰ্মচাৰী শ্বহীদ সকলৰ পৱিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰ নাথ বৰ্মন, আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰাণজিৎ ঠাকুৰীয়া, নলবাৰী জিলা মাধ্যমিক শিক্ষক সন্থাৰ সহ: সম্পাদক সুভাষ কলিতা, পশ্চিম নলবাৰী আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা তপন কুমাৰ শৰ্মা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে । উল্লেখ্য, সন্ধিয়া প্ৰায় ৬-৩০ বজাত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ উপ-সভাপতি দ্বীপেন মেনাৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মচাৰী শ্বহীদ স্মৃতিচাৰণ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক পৱিত্ৰ কুমাৰ বৰ্মনে । এই অনুষ্ঠানত শিক্ষাবিদ বিৰেন্দ্ৰ নাথ বৰ্মন, প্ৰাক্তন ছাত্ৰনেতা, অৱসৰী শিক্ষক এম হাছান আলী, আছু নেতা প্ৰাণজিৎ ঠাকুৰীয়া, প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি তপন কুমাৰ শৰ্মাই স্মৃতিচাৰণ বক্তব্য আগবঢ়াই কৰ্মচাৰী শ্বহীদ সকলক গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

Leave A Reply

Your email address will not be published.