ইষ্টানবুল আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত চুটি ছবি ‘অনীহা’ৰ বাবে পূৰৱ শৰ্মাই শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ পুৰস্কাৰ লাভ কৰে। পূৰৱ যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। যোৰহাটৰ এন্ জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি “অনীহা”ই ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। অহা ৬, ৭ আৰু ৮ নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অনীহাই ইতিমধ্যে মুঠ নটা শিতানত মনোনয়ন লাভ কৰিছে আৰু ইয়াৰ মূল এৱাৰ্ড অনুষ্ঠান অহা ৭ নবেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে প্ৰযোজকে বিশেষ নিমন্ত্ৰণ লাভ কৰিছে আৰু উপস্থিত থাকিব।যোৱা ৫ জুনত পৰিৱেশ দিৱসৰ দিনা মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা পূৰৱ শৰ্মা আৰু মৃগাংক মাইনা, চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনত অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা,চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…