ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ ওৰাংৰ যুৱক কিশোৰ শৰ্মাই লৈছে এক উল্লেখনীয় প্ৰশংসনীয় পদক্ষেপ । মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজক বিশুদ্ধ খোৱাপানীৰ প্ৰতি সচেতনতা অনাৰ বাবে ওৰাঙৰ উদ্যমী যুৱক কিশোৰ শৰ্মাই ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ তাৰিখলৈ বিতৰণ কৰিব বিনামূলীয়া কৈ দৈনিক পাঁচ হাজাৰ লিটাৰ কৈ বিশুদ্ধ খোৱাপানী । এমাহ জোৰা কাৰ্যসূচীত মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানীৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ লক্ষ উদ্দেশ্য আগত ৰাখি বিনামূলীয়া কৈ বিতৰণ কৰিছে বিশুদ্ধ খোৱা পানী ।এই উদ্যমী যুৱক কিশোৰ শৰ্মায়ে নিজ সমষ্টি বাসী ৰাইজক এমাহ দৈনিক ৫০০০ লিটাৰ কৈ বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলি যুৱ নেতা কিশোৰ শৰ্মায়ে জানিব দিয়ে । ওৰাঙত অৱস্থিত TINA INTERNATIONAL ৰ উদ্যগত আৰু ওৰাং সাংবাদিক সংস্থাৰ সহযোগত ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ দৈনিক ৫০০০ হাজাৰ লিটাৰকৈ বিনামূলীয়া বিশুদ্ধ খোৱা পানী বিৰণৰ কাৰ্যসূচী ১ নৱেম্বৰ সোমবাৰে শুভ উদ্বোধন কৰে ওদালগুৰি জিলাৰ ওদালগুৰি ৰ অসমীয়া প্ৰতিদিনৰ জিলা প্ৰতিনিধি,ডি ওৱাই ৩৬৫ ৰ ব্যু’ৰো গুনজি দাসে ৷ TINA INTERNATIONAL ৰ উক্ত বিনামূলীয়া পানী বিতৰণ কাৰ্যসূচীত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিযাংকুৰ হাজৰিকা ,ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পঙ্কজ সভাপণ্ডিত সমাজ সেৱক ,ভানু শাহুকে আদি কৰি কেইবাজানো বিশিষ্ট নাগৰিক উপস্থিত থাকে । ওৰাঙত অৱস্থিত যুৱ নেতা কিশোৰ শৰ্মাৰ TINA INTERNATIOAL নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৱে মানুহৰ ঘৰত দেখা দিয়া দৈনিক ব্যৱহাৰ কৰা পানীত আইৰণৰ লগতে নানান ধৰণৰ অলাগতিয়াল দ্ৰব্য শোধন কৰা মেচিন পোৱাৰ উপৰিও , পানী ফেক্টৰী খুলিবলৈ ব্যৱহাৰ হোৱা সকলো ধৰণৰ মেচিন যেনে R.O PLANT , বটল বনোৱা মেচিন ,মিনাৰেল ৱাটাৰ ভৰ্তি কৰা মেচিন , লেবৰেটৰি ইকোপমেণ্ট আদিও উপলব্ধ হৈ আছে । তাৰোপৰি উদ্যমী যুৱক কিশোৰ শৰ্মায়ে কেন্দ্ৰীয় চৰকাৰৰ JJM জল জীৱন মিছন আঁচনিত ব্যৱহাৰ হোৱা সকলো ধৰণৰ আইৰণ REMOVE ফিল্টাৰ যোগান ধৰি আহিছে । পানী সংক্ৰান্ত যিকোনো সমস্যা সেৱা সমুহ বিনামূলীয়াকৈ কৰাৰ বাবে 8474082221 , 8638809373 এই নম্বৰত সকলো প্ৰকাৰৰ যোগাযোগ কৰিবলৈ উদ্যমী যুৱক সফল ব্যৱসায়ী তথা যুৱ নেতা কিশোৰ শৰ্মাই জনসাধাৰণৰ আহ্বান জনায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ‘হাল্লা ব’ল’ৰে উদ্ভাসিত এ চি এ ষ্টেডিয়ামঃ মহানগৰীত আই পি এলৰ উন্মাদনা
- USTM ত আন্তৰ্জাতিক নাৰ্ছ দিৱস উদযাপন
- মন্ত্ৰী পীযুষ হাজৰীকাৰ মহানুভৱতা, তিনিটা কণমানিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াসত ব্যৱস্থা গ্ৰহণ
- অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই সংযোজনে এক নতুন মাত্ৰা প্ৰদান কৰিব: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- অসমৰ এই ১৯ খন জিলালৈ সতৰ্কবাণী ! মুষলধাৰ বৰষুণৰ লগতে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা…
- গ্ৰাম্যাঞ্চলত সক্ৰিয় গৰু চুৰি চক্ৰ ! থানাই থানাই গৰুৰ গৰাকীয়ে দাখিল কৰিছে চুৰি হোৱা গৰুৰ অভিযোগ…
- গুৱাহাটীৰ লখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ…
- চাৰণ বিলৰ মনোৰম পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি সজাগতা শিবিৰ, বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ আহ্বান জিলা আয়ুক্তৰ…
- এ আই ইউ জ’নেল আন্তঃ বিশ্ববিদ্যালয় উডবল টুৰ্নামেণ্টঃ ১ টা সোণ, ২ টা ব্ৰঞ্জৰ পদেকেৰে ভূপালত জিলিকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
- ভাৰতীয় ক্ৰিকেট দলে শীঘ্ৰে নতুন প্ৰশিক্ষক লাভ কৰাৰ সম্ভাৱনা…