নাজিৰাৰ এম চি ক্লাৱত শিৱসাগৰ জিলা ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আশিহাৰা সমৰ-কলা (কাৰাটে) প্ৰতিযোগিতা অলপতে সফলতাৰে সামৰণি পৰে । আশিহাৰা কাৰাটে স্কুল কালুগাঁৱৰ অৰ্ণৱ জ্যোতি বৰঠাকুৰ ল’ৰাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ আৰু নাজিৰা ড্ৰেগন ক্লাৱৰ গাৰ্গী কাশ্যপক ছোৱালীৰ শাখাত শ্ৰেষ্ঠ পুৰস্কাৰ প্ৰদান কৰা হয় । আনহাতে দলগতভাৱে আশিহাৰা কাৰাটে স্কুল কালুগাঁৱলৈ প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ আগবঢ়োৱা হয় । দলটোৱে ১৬টা সোণৰ, ৫টা চিলভাৰ, ১১ টা ব্ৰঞ্জৰ পদক জয় কৰে । শিৱসাগৰ টাইকোৱাণ্ডু চেণ্টাৰ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু আশিহাৰা কাৰাটে অনুষ্ঠান বকতাই তৃতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰে । নাজিৰা কীডচ জ’নে শ্ৰেষ্ঠ অনুশাসন প্ৰদৰ্শনকাৰী দলৰূপে পুৰস্কাৰ লাভ কৰে । মুঠ দুশজন জুনিয়ৰ, চাব-জুনিয়ৰ, কেডেট আৰু চিনিয়ৰে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাত হেমন্ত বৰঠাকুৰ চীফ জুৰী হিচাপে উপস্থিত থকাৰ লগতে সুশান্ত দাস, দিব্যজ্যোতি বৰুৱা, কৃষ্ঞ দৰ্জী, কমল চেতিয়া, ৰাজীৱ দাস, পূজা শইকীয়া, শিখা দাস আদিয়ে ৰেফাৰী হিচাপে সহায় কৰে । ৩১ অক্টোবৰৰ নিশা অনুষ্ঠিত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত নাজিৰাৰ সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ গগৈ, সংবাদ কৰ্মী ভাস্কৰজ্যোতি বৰগোহাঁই উপস্থিত থাকি ক্ৰীড়া প্ৰতিযোগী সকলক উৎসাহ যোগায় । শিশু খেলুৱৈ সকলক উৎসাহ যোগাবলৈ নাজিৰাৰ আশিহাৰা কাৰাটে কীডচ জ’নে আয়োজন কৰা প্ৰতিযোগিতাৰ পৰিচালনাত সহায় কৰে আব্দুৰ ৰহমানে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…