ৰঙিয়াৰ তৰণী কৃষ্ণগুৰু শাখা সেৱাশ্ৰম প্ৰাংগণত নৱগঠিত স্বেচ্ছাসেৱী সংগঠন পৰমাৰ্থৰ উদ্যোগত মংগলবাৰে বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । সংগঠনটোৰ সাধাৰণ সম্পাদক বিশ্বজিৎ কাকতীয়ে আত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে সভাপতি ভাস্কৰ কলিতাই ।সভাত ৰঙিয়াৰ কোঠৰা গাৱৰ পৰা গৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বিভিন্ন বটা-পুৰস্কাৰেৰে ৰঙিয়াক গৌৰৱান্বিত কৰা সংস্কৃতিৰ পূজাৰী পংকজ পল্লৱ শৰ্মাক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । শেহতীয়াভাবে পাঞ্জাৱৰ পৰা পৰিচালনাৰ “ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড-২০২১” লাভ কৰা উপলক্ষে বেচৰকাৰী সংস্থাটোৱে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনায়। প্ৰসঙ্গক্ৰমে পঙ্কজ পল্লৱ শৰ্মাই পৰিচালনা কৰা “দিঠকত হেৰাল সপোন” নামৰ অসমীয়া কথাছবিখনে ইতিমধ্যে কেবাটাও আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। ক’ভিদ ৰ সময়ত চুটিছবি নিৰ্মানৰে ৰঙিয়াত সাংস্কৃতিক ক্ষেত্ৰত এক নতুন পৰিবেশৰ সৃষ্টিকৰা পঙ্কজ পল্লৱ শৰ্মাই পৰিচালনা কৰা “অক্ট’পাছ” নামৰ চুটিছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। সাংস্কৃতিক ক্ষেত্ৰখনৰ যোগেদি বৰ্ণিল কৰ্মজীৱনৰ দক্ষতাৰ পৰিচয় হিচাবে সংগঠনটোৰ ফালৰ পৰা ফুলাম গামোচা মানপত্ৰ আদিৰে সম্বৰ্দ্ধনা জনোৱা হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…