বৰফেৰে ঢকা লাডাখাৰ শৃংগত জয় আই অসম লিখা গামোচা আৰু ত্ৰিৰংগা পতাকা উৰুৱাবলৈ সক্ষম হৈছে দক্ষিণ কামৰূপৰ গৌৰৱ ক্ৰীড়াবিদ অঞ্জলী দাসে। কামৰূপ জিলাৰ পলাশবাৰীআমৰাঙ্গাৰ পৰা সুদুৰ লাডাখলৈ যোৱা ১৩ আগষ্টৰ পুৱা যাত্ৰা কৰা দু:সাহসিক খেলুৱৈ অঞ্জলি দাসে ২৯ অক্টোবৰত যাত্ৰা সফল কৰিবলৈ সক্ষম হৈছিল। ২ নবেম্বৰত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল সংগঠন তথা আত্মীয় স্বজনে উষ্ম আদৰণী জনাইছিল। উল্লেখ্য যে বৰিহাট আমৰাঙ্গাৰ পৰা লাডাখলৈ ২৭৯৬ কি:মি তিনিমাহৰ অবিৰত পদ যাত্ৰাৰে ওলোৱাৰ সময়ত আছিল নেৰানেপেৰা বৰষুণ। ঠিক তেনেকৈ এই শেষ যাত্ৰাত দেখা দিছিল প্ৰচণ্ড শীত আৰু বৰফেৰে আৱৰি থকা ওখ পাহাৰৰ পথ। যি পথ আটাইতকৈ কঠিন আৰু ভয়ানক আছিল। অক্সিজেন অবিহনে যাত্ৰা কৰাটো সম্ভৱপৰ নাছিল। যাৰবাবে অঞ্জলিয়ে লগত অক্সিজেন নিছিল যদিও ব্যৱহাৰ কৰা নাছিল। ইয়াৰ শেষৰ এক কিলোমিটাৰত শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগতে বৰফৰ বাবে বহু কষ্ট কৰি পদযাত্ৰা কৰিবলগা হৈছিল। যাৰ বাবে অঞ্জলীয়ে তিনিটা কুকুৰ লাডাখলৈ যোৱা আধাবাটত সংগী হিচাপে ওপৰলৈ গৈছিল। “মিছন ফিট ইণ্ডিয়া” শীৰ্ষক লক্ষ্যৰে ভাৰতবৰ্ষৰ সকলো মানুহক সু-স্বাস্থ্যৰ অধিকাৰী হৈ ৰওক তাৰেই লক্ষ্য আগত ৰাখিছিল খেলুৱৈ দাসে। অসমৰ পৰা সুদুৰ লাডাখলৈ খোজকাঢ়ি যোৱা অসমৰ প্ৰথম গৰাকী মহিলা অঞ্জলী দাস হয়তো ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ব। এই উপলক্ষে ৩ নৱেম্বৰত বেচৰকাৰী সংস্থা ‘জনসাৰথি’ৰ হৈ উপ-সভাপতি হেমন্ত ঠাকুৰীয়া, সম্পাদক মিতুমনি দাস, প্ৰচাৰ সম্পাদক মণ্টু কলিতা, সাহিত্য সহযোগী সম্পাদিকা পল্লৱী দাস আৰু সদস্য কল্প কলিতা, দিগন্ত দাস, চিন্ময় বৰুৱা উপস্থিত থাকি অঞ্জলী দাসক গামোচা, জাপি আৰু মানপত্ৰৰে সম্ভাষণ জনাই উজ্বল ভৱিষ্যত কামনা কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…
- তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা ! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ…
- কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…