আগন্তুক ইং ১৪ নৱেম্বৰ ২০২১ তাৰিখে শিশু দিৱস উপলক্ষে ওদালগুৰি জিলাৰ অন্তৰ্গত পানেৰী প্ৰেছ ক্লাৱৰ উদ্যোগত ল’ৰা তথা যুৱকৰ মিনি মাৰাথন দৌৰৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত খেলখন পানেৰী আৰক্ষী থানাৰ সন্মুখৰ পৰা দেউলগুৰি চাৰিআলিলৈ গৈ পুনৰ দেউলগুৰি চাৰিআলিৰ পৰা পানেৰী চকলৈ প্ৰায় ১৮ কিলোমিটাৰৰ দৌৰ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হ’ব। সকলো বয়সৰ লোকে খেলখনত অংশগ্ৰহণ কৰিবৰ পাৰিব লগতে নামভৰ্তি মাচুল ১০০ টকা বুলি উদ্যোগতাই জনায়। আনহাতে নামভৰ্তিৰ সময়সীমা ১২ তাৰিখৰ আগত কৰিবলৈ দৌৰবিদসকলক অনুৰোধ জনোৱা হয়। উক্ত প্ৰতিযোগীতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক ক্ৰমে নগদ ছয় হাজাৰ এক(৬০০১) টকা, চাৰি হাজাৰ এক(৪০০১) টকা আৰু দুই হাজাৰ (২০০১) টকা সহ একোখন কৈ মানপত্ৰ প্ৰদান কৰা হ’ব। উক্ত প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগী সকলক পানেৰী প্ৰেছ ক্লাব তথা ফোন নং ৭০০২৪৪৫৭৭১/ ৮৮২২৩৮০৪৮৪ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিশ্ব হাঁপানী দিৱসঃ প্ৰাপ্তবয়স্কতকৈ অধিক শিশু হাঁপানী ৰোগী! পিতৃ-মাতৃয়ে হাঁপানীৰ এই প্ৰাৰম্ভিক লক্ষণসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে…
- গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…
- লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…
- গৰমৰ দিনত কেঁচা জলকীয়া শুকাই যায় নেকি? কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ উপায়…
- ভাৰতীয় শ্বেয়াৰ বজাৰত চেন্সেক্সৰ ১৪টা ষ্টক বৃদ্ধি…
- বাতবিষ আৰম্ভ হোৱাৰ ৩ বছৰ পূৰ্বে ইয়াৰ লক্ষণসমূহ দেখা যায় বুলি প্ৰকাশ পাইছে এক গৱেষণাত…
- চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান…
- চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…