ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰী জিলাৰ দৌলাশালতো আজি দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক পৃথকে পৃথকে স্মৰণ কৰে বিৰিণা গোষ্ঠী, অসম আৰু দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰই । বিৰিণা গোষ্ঠী অসমৰ দৌলাশালস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সুধাকণ্ঠৰ দশম বাৰ্ষিক স্মৃতিচাৰণ অনুষ্ঠান । বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তফিকুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে ৷ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গোষ্ঠীটোৰ বিজ্ঞাপন সচিব চেলিম মালিকে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সহযোগী সম্পাদক ৰমণী নাথে । স্মৃতিচাৰণ অনুষ্ঠানত গোষ্ঠীটোৰ বিশেষ প্ৰতিনিধি বাবুল বণিক্য, সহযোগী সম্পাদক সুৰজিৎ পাঠক, সদস্য জয়ন্ত ডেকা, খঞ্জনজ্যোতি পাঠক, নৱ কুমাৰ কলিতা, জেহেৰুল ইছলাম, হেমন্ত বৰ্মনকে আদি কৰি নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে দৌলাশালৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰই অইন বেলিৰ দৰে এইবেলিও ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিত যাযাবাৰী শিল্পী গৰাকীক স্মৰণ কৰে ৷ ক’ৰোনা সৃষ্ট পৰিৱেশৰ বাবে জাকজমকতা পৰিহাৰ কৰি অনুষ্ঠিত কৰা সুধাকন্ঠ ভূপেন হাজৰিকাদেৱৰ দশম মৃত্যু তিথিৰ কাৰ্যসূচী অনুসৰি পুৱা ভাস্কৰ সামূহিক কেন্দ্ৰৰ পতাকা উত্তোলন কৰে কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে । বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি তথা স্থানীয় সাংবাদিক লীলাধৰ পাঠকে । হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক কিশোৰ কুমাৰ নাথে আৰু সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট অভিনেতা বাবুল বণিক্যই । ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত কেইবাগৰাকীও বিশিষ্ট লোকে হাজৰিকাৰ জীৱন দৰ্শন আৰু তেখেতৰ কালজয়ী গীত সম্পৰ্কত বক্তব্য প্ৰদান কৰে। কেন্দ্ৰৰ সম্পাদক নিকুঞ্জ নাথ , সহ: সম্পাদক প্ৰণৱ দাস আৰু দীপু ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠাটোত গছপুলি ৰোপণ কৰে সাংবাদিক তফিকুৰ ৰহমান আৰু শিক্ষক কনক ঠাকুৰীয়াই । অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে কেন্দ্ৰৰ কেইবাগৰাকী সদস্যই সুঠাকণ্ঠৰ “মানুহে মানুহৰ বাবে” কালজয়ী গীতটো সমূহীয়া ভাৱে পৰিৱেশন কৰে । কেন্দ্ৰৰ শিল্পী অৰূপ নাথ আৰু সহদেৱ নাথে হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটোক অনন্য কৰি তোলে । তাৰ পিছতে অৱসৰী প্ৰধান শিক্ষক হৰিদাস বৈশ্যই ভাগৱত পাঠ কৰে । সন্ধিয়া যাযাবৰী শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত সমূহীয়া বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…