অসম চৰকাৰৰ সুনাম ধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ৰাজ্য খনত মাটিৰ দালাল ৰাজ বন্ধ কৰাৰ বাবে ৰাজ্যৰ সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনক দালালক গ্ৰেপ্তাৰ কৰাৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰাত ইতিমধ্যে ৬০০ ৰ অধিক দালাল ৰাজ্য খনৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। মানকাচৰ থানাৰ অন্তৰ্গত কুকুৰমাৰা গাওঁৰ ভুৱা লাট মণ্ডল আব্দুল হকৰ বিৰুদ্ধে যোৱা ২১ ছেপ্টেম্বৰত জিলা উপায়ুক্ত মহোদয়ে ভুৱা লাট মণ্ডলৰ বিৰুদ্ধে গোচৰ তৰে। উক্ত গোচৰৰ কথা গম পোৱাত ইমান দিনে পলাতক আছিল আব্দুল হকে। মানকাচৰ আৰক্ষীৰ এছ আই দিপালী বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটি যুদ্ধ কালীন ভাবে অভিযান চলাই চলিত মাহৰ তিনি তাৰিখে গ্ৰেপ্তাৰ কৰে ।ইপিনে ভুৱা নাট মণ্ডল আব্দুল হকৰ বিৰুদ্ধে মানকাচৰ থানাত ৯৩৮/২০২১ নং গোচৰ পঞ্চাীয়ন কৰি ধাৰা ৪১৭/৪১৯/৪২০/৪৬৭/৪৬৮ ipc মৰ্মে তদন্ত অব্যাহত ৰাখিছে। যোৱা কালি ভুৱা লাট মণ্ডল জনক হাটশিঙিমাৰীৰ মুন্সিফ আদালতত হাজিৰ কৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ১০ দিনৰ বাবে পুলিচৰ জিম্মাত বিছৰাত মহামান্য আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। কোন এই ভুৱা লাট মণ্ডল আব্দুল হক। জানিব পৰা মতে আব্দুল হকে আজি প্ৰায় ২০ বছৰ ধৰি মানকাচৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত দুজন লাট মণ্ডল লগত জড়িত হৈ মাটি নামজাৰি, মাটি বেচা কিনা, লেণ্ড হল্ডিং ছাৰ্টিফাইড কপি, দলিলৰ কলা ব্যৱসায়ী আদি লালালি কৰি লুণ্ঠন চলাই আহিছে। দুজন লাট মণ্ডলৰ আশীৰ্বাদ আব্দুল হকে মানকাচৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চৰকাৰী লাট মণ্ডল লগত একে লগে চেয়াৰত বহি বহু গুৰুত্বপূৰ্ণ ফাইল, নামজাৰিৰ লেজাৰ বুকত আব্দুল হকে নিজৰ হাতৰে চৰকাৰী নথি পত্ৰত লিখা মেলা আৰম্ভ কৰে সেই কথা বহু মানুহে জানে। সেই ভাবে চৰকাৰী কাৰ্যালয়ত নিয়মিত ভাবে কাম কাজ কৰি থকাত জিলা খনৰ বহু মানুহে আব্দুল হকক চৰকাৰী লাট মণ্ডল বুলি বহুতে ভাবিছিল। কিন্তু প্ৰকৃততে আব্দুল হাই এজন ভুৱা লাট মণ্ডল আৰু মাটি খুকুৱা কুখ্যাত দালাল । উক্ত ভুৱা লাট মণ্ডল জনে ৰাজহ চক্ৰৰ অন্তৰ্গত বহু মানুহৰ মাটি অৱৈধ ভাবে বেলেগ মানুহৰ নামত দি লাখ লাখ টকা লুন্ঠন কৰিছে। উক্ত ভুৱা লাট মণ্ডল জনক গ্ৰেপ্তাৰ কৰাৰ বাবে সচেতন মহল আৰু বহু মাটি হেৰুৱা ভুক্তভোগীয়ে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…