বিশ্ব বৰণ্য সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু দিৱস অন্যান্য ঠাইৰ লগতে বাসুগাঁও চহৰৰ ৩ নং ওৱাৰ্ড বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পশ্চিম দিশেৰে বাসুগাঁও মহাবিদ্যালয়লৈ যোৱা পথছোৱা সুধাকণ্ঠ ড’ ভূপেন হাজৰিকা পথ নামাকৰণ কৰা হৈছে । উক্ত পথছোৱা ছাফ-চিকুণ কৰি কাষে কাষে বিভিন্ন প্ৰজাতিৰ ফুল ৰোপন কৰাৰ উপৰি ড’ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকন, অসমৰ জাতীয় উৎসৱ বিহুকে আদি কৰি অসমৰ কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হোৱাকৈ চিত্ৰ অংকন কৰি সৌন্দৰ্য্য বৰ্ধন কৰা হয় । উক্ত পথত আজি ড’ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু দিৱসত পথৰ কাষত অংকন কৰা ড’ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলী অৰপনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে চাৰ্কোল অফিচাৰ অমিত ৰঞ্জন বৰ্মন । তেওঁ ড’ ভূপেন হাজৰিকাৰ বৰ্ণাঢ্য জীৱনৰ ওপৰত চমু বক্তব্য আগবঢ়াই উদ্যোক্তা সমিতিৰ কাৰ্য্যক ভূয়সী প্ৰশংসা কৰে । বৰুণ বৰ্মনে আঁতধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অৱসৰপ্ৰাপ্ত জিলা শিক্ষা বিষয়া ৰবীন্দ্ৰ কুমাৰ চৌধুৰী, সমাজকৰ্মী সম্ভু ৰাজবংশী, বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ অমৃত নাৰায়ণ পাটগিৰি আদিও বহুমুখী প্ৰতীভাধৰ বিশ্ব বৰণ্য সুধাকণ্ঠ ড’ ভূপেন হাজৰিকাৰ জীৱন-কৃতিৰ ওপৰত চমু বক্তব্য দাঙি ধৰে । অনুষ্ঠানৰ মাজতে বাসুগাঁও গুৰুকূল নেচনেল স্কুলৰ দ্বিতীয় শ্ৰেণীৰ কণমানি ছাত্ৰী নিলাক্ষী ৰায়ে ড’ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । সুধাকণ্ঠ ড’ ভূপেন হাজৰিকা পথৰ অন্ততঃ বাসুগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ সম্মুখত অৱস্থিত ড’ ভূপেন হাজৰিকা স্থায়ী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মালৰ্কপন আদিৰ অন্ততঃ বাসুগাঁও শাখা সাহিত্য সভা ভৱনত নৃত্য-গীত, কবিতা আবৃত্তি, ড’ ভূপেন হাজৰিকাৰ জীৱনা দৰ্শৰ ওপৰত বক্তব্য দান আদি কাৰ্য্যসূচী পৰম উচ্ছাস-উদ্দীপনাৰ মাজেৰে সামৰণি পৰে । ড’ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ সভাপতি অমৃত পাটগিৰিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্মৃতি সংৰক্ষণ সমিতিৰ সম্পাদক শৈলেন দাসে । সভাৰ অন্ততঃ শলাগৰ শৰাই আগবঢ়ায় স্মৃতি সংৰক্ষণ সমিতিৰ সহ সম্পাদক ভৃগু মুনি ৰায়ে । অৱশেষত মানুহে মানুহৰ বাবে শীৰ্ষক সমজুৱা ভাৱে গীতটি পৰিবেশন কৰাৰ অন্তত অনুষ্ঠানৰ সামৰণি পৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…