হাজোত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যুতিথিত এখনি স্মৃতিচাৰণ সভা সম্পন্ন

কামৰূপ জিলা সাহিত্য সভা,মণিকূট সাহিত্য সমাজ আৰু হাজো সাংবাদিক সন্থাৰ সমূহীয়া উদ্যোগত আজি ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যুতিথিত স্মৃতিচাৰণ সভা খনি হাজো ভৰালীটোলা প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হ’য় । সেই অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰে অনুস্থানটি মুকলি কৰে মণিকূট সাহিত্য সমাজৰ সভাপতি প্ৰকাশ দাসে ।প্ৰতিচ্ছবিত পুস্পঞ্জলী আগবঢ়াই হাজো সাংবাদিক সন্থাৰ সভাপতি গোবিন্দ দাসে । ইয়াৰ পিছত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত স্মৃতি চাৰণ সভা খনি অনুস্থিত হ’য় ।সভাখনি উদ্বোধন কৰে হাজো ভৰালীটোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন চন্দ্ৰ দাসে । এই সভাত আলোচক ৰূপে অংশগ্ৰহণ কৰি শিক্ষক ৰাজীৱ বৰুৱা ,হাজো সাংবাদিক সন্থাৰ সম্পাদক আব্দুল গণিখান চৌধুৰী, আৰু হাজো সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যাপক ডঃ জয়ন্ত কুমাৰ দাসে বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত দাঙি ধৰে । এই সভাতে হৰমোহন ডেকাৰ ৰচিত “আধাৰুৱা সপোন ” শীৰ্ষক কবিতা পুথি খনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে । গ্ৰন্থখনি উন্মোচন কৰি ভাগৱতীয়ে কয় “আমি বিশ্ব বৰেণ্য ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জীৱন দৰ্শন অনুধাৱন কৰিব লাগিব । প্ৰজন্মৰ ব্যৱধান বাঢ়ি আহিছে । গ্ৰন্থ অধ্যয়নৰ পৰিবেশ গঢ়িবলৈ সকলোৱে আগবাঢ়ি আহিব লাগিব ।নেতিবাচক দিশ আতৰাই মানুহে ইতিবাচক দিশটো অনুধাৱন কৰাটো অতি প্ৰয়োজন । ইয়াৰ পিছতে অনুস্থিত “কবিতা আৰু গীতৰ অনুস্থান ” মুকলি কৰে হাজো মণিকূট সাহিত্য সমাজৰ উপ-সভাপতি ডাঃ বিপুল চন্দ্ৰ মেধিয়ে । এই অনুষ্ঠানত বৰছলি সাহিত্য সভাৰ সম্পাদক আটাউৰ ৰহমান, শিল্পী পেন্সনাৰ স্বৰ্ণলতা মালাকাৰ , নৰেশ্বৰ ৰাজবংশী , বিশ্বজিত বিশ্বাসী , অৰ্চনা ঠাকুৰীয়া দাস , ডিম্বেশ্বৰ ভৰালীকে ধৰি নৱীন প্ৰৱীন কেৱাগৰাকী লোকে গীত পৰিবেশন কৰাৰ লগতে কবিতা পাঠ কৰি উপস্থিত সাহিত্য প্ৰেমীসকলক আপ্লুত কৰে ।

Related Articles