No menu items!

২০২১ বৰ্ষৰ “প্ৰাগজ্যোতিষ যুৱ-সাহিত্য বঁটা”

 প্ৰাগজ্যোতিষ প্ৰকাশন আৰু ন্যাসৰ উদ্যোগত প্ৰতিবছৰে প্ৰদান কৰাৰ দৰে এইবেলিও ঘোষিত হ’ল ২০২১ বৰ্ষৰ “যুৱ-সাহিত্য” বঁটা প্ৰাপকৰ নাম । উক্ত বঁটাৰ বাবে এইবৰ্ষত মনোনীত কৰিছে যুৱ সাহিত্যিক তথা সুদক্ষ তাৰ্কিক প্ৰাঞ্জল প্ৰতিম ডেকাক । উল্লেখ্য যে, শ্ৰী ডেকাই দৰং জিলা সাহিত্য সভাৰ ৰামধেনু অনুষ্ঠানৰ প্ৰাক্তন মুখ্য সমন্বয়ক, প্ৰাক্তন সহঃআহ্বায়কৰ পদ অলংকৃত কৰাৰ উপৰিও “পূবেৰুণ”, “নতুন দিগন্ত”কে ধৰি কেইবাখনো আগশাৰীৰ আলোচনীৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰে ।লগতে “সদৌ অসম তাৰ্কিক সন্থা”ৰো তেওঁ বৰ্তমানৰ সাধাৰণ সম্পাদক হিচাপে অধিস্থিত হৈ আছে । স্কুলীয়া দিনৰে পৰাই অবিৰতভাৱে সাহিত্য চৰ্চাত মনোনিৱেশ কৰা প্ৰাঞ্জল প্ৰতিম ডেকাই মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন সাহিত্য-আলোচনী সম্পাদকৰ দায়িত্ব ৰূপায়ন কৰাৰ  লগতে শ্ৰেষ্ঠ সাহিত্যিক, শ্ৰেষ্ঠ তাৰ্কিক, শ্ৰেষ্ঠ বক্তাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । আধুনিক ৰোমান্টিক কবিতাত এক নতুন ধাৰাৰ সূচনা কৰা শ্ৰী ডেকা বিভিন্ন সাহিত্যানুষ্ঠানৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে । উল্লেখ্য যে, ২০১৮ বৰ্ষত দৰঙৰ দলগাঁওত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৰামধেনুৰ কেন্দ্ৰীয় অনুষ্ঠানত উদীয়মান প্ৰতিভাধৰ হিচাপে নৱ-প্ৰজন্মক আদৰ্শৰ পথ দেখুওৱাৰ বাবে “অসম সাহিত্য সভা”ই প্ৰাঞ্জল প্ৰতিম ডেকালৈ প্ৰশস্তি পত্ৰও প্ৰদান কৰে । প্ৰাপ্তিৰ বতৰা লাভ কৰি যুৱ-সাহিত্যিকগৰাকীয়ে কয়:-“প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়, তথাপি প্ৰাপ্তিয়ে এখোজ আগুৱাবলৈ অফুৰন্ত প্ৰেৰণা । এই প্ৰাপ্তিয়ে আনন্দিত কৰাৰ সমান্তৰালকৈ নতুন সৃষ্টিৰ বাবে দায়িত্বও বঢ়ালে ।”

Related Articles