পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৭২৫৬ গৰাকীক ভেকচিন প্ৰদান

৯অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন  কেন্দ্রত মুঠ ৭০ গৰাকী হিতাধীকাৰীয়ে ক’ভিশ্ছিল ভেকচিন গ্ৰহণ কৰে ।ইয়াৰে প্রথম পালি ভেকচিন ৬গৰাকী আৰু ৬৪ গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰে। ভেকচিনেচন   কাৰ্যসূচী যোৱা ২৫মে ২০২১ তাৰিখৰ পৰা একেৰাহে চলি আছে আৰু ৯ নবেম্বৰলৈ সৰ্বমুঠ ৭২৫৬ গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।।পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত গাওঁ সমুহৰ যি সকল ব্যক্তিয়ে আজিলৈকে প্রথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ ভয় কৰি আছে ,তেওঁলোকৰ ঘৰে ঘৰে গৈ ক’ভিড ভেকচিনৰ  সজাগতা আগবঢ়ায়। দ্বিতীয় পালি ভেকচিন লোৱা হিতাধীকাৰী সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ১০০ শতাংশ  ভেকচিন প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ  ভেকচিনেচন কাৰ্য্যসূচী সুচাৰুৰূপে চলাই লৈ যোৱা যুদ্ধা সকল হৈছে  বীৰেন্দ্ৰ হাজং(MPW), মুনু দাস( এ এন এম),ৰিংকু দৈমাৰী,ৰীছা দৈমাৰী (জিএন এম) লগতে আশা চুইপাৰভাইজাৰ বিজুলী দাস কলিতা, আশা কৰ্মী মৰজিনা বেগম, জৰিনা বেগম, ৰমিছা বেগম আৰু হাছিনা বেগমে সক্ৰিয়ভাৱে সহায় সহযোগিতা কৰে আনহাতে ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি,পি,এম পংকজ কুমাৰ সভাপ্ন্ডিতে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলক   সকলো সময়তে সহায় সহযোগিতা আগবঢ়ায় আহিছে।

Related Articles