নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটাৰোডত এটি কিশোৰৰ হত্যা কাণ্ডৰ ঘটনাই নামনি অসমৰ জনগণৰ মাজত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। এটি কণমানি কিশোৰক হত্যা কৰি পেলাই থৈ যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে এটি পুখুৰীত ৷স্থানীয় ৰাইজৰ অভিযোগ মতে গাওঁখনৰ এটি পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো হৈছে নজৰুল হকৰ এঘাৰ বছৰীয়া পুত্ৰ মফিজুল হক ৷মৃত মফিজুল হক আদৰ্শ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল ৷ যোৱাকালি সন্ধিয়াৰ পৰায়ে মফিজুল নিখোজ হৈ থকাৰ পিছত স্থানীয় ৰাইজে পুখুৰীটোত ছাত্ৰজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷আনহাতে, স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে কৰা অভিযোগ কৰা মতে এই হত্যাকাণ্ড ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম নামৰ দুই ভাতৃয়ে সংঘটিত কৰিছে ৷দুয়োকে ইতিমধ্যে ৰাইজে আটক কৰি শিমলুগুড়ী আৰক্ষীক গটাই দিয়ে ৷বৰপেটাৰোডৰ সমীপৰ বিটিআৰৰ বাকসা জিলাৰ শিমলাগুড়ী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ ৰায়ৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডটোৰ সম্পৰ্কত অনুসন্ধান আৰম্ভ কৰিছে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…
- प्रथम वाहिनी सशस्त्र सीमा बल सोनपुर में स्वास्थ्य जागरूकता एवं निःशुल्क आयुर्वेद शिविर का आयोजन किया गया…