নগৰবেৰা প্ৰতিবেদক: কামৰূপৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত নিচিলামাৰীত শুক্ৰবাৰৰ সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এল্ট’-৮০০ মাৰুতি গাড়ী এখনেৰে পূজা মালো (১২) নামৰ এগৰাকী কিশোৰী আৰু সাগৰ মণ্ডল (৩০) নামৰ যুৱক এজনক খুন্দিওৱাৰ উপৰি পথৰ কাষত ঘাঁহ খাই থকা কাঢ়লী গৰু এজনীক খুন্দা মৰাৰ ফলত গৰুটো থিতাতে নিহত হয় আৰু আহত দুয়োজনকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনা সংঘটিত কৰি AS-25 K 2526 নম্বৰৰ এল্ট’-৮০০ গাড়ী সহ চালক জনে পলাই গৈ মন্দিৰা এন চি চ’কৰ দোকান এখনত আত্মগোপন কৰিবলৈ চেষ্টা কৰোঁতে মন্দিৰা আৰক্ষীয়ে উপস্থিত হৈ গাড়ী সহ চালক জনক উদ্ধাৰ কৰে। পিছত দুৰ্ঘটনা সংঘটিত কৰা চালক জনক আৰক্ষী চকীলৈ নি থাকোতে আদবাটতে ৰাইজে উত্তেজিত হৈ খৰ্গহস্ত হয় আৰু আৰক্ষীৰ বাহন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা চালক জন গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত খেৰোপাৰা গাওঁৰ নুৰ ইছলামৰ পুত্ৰ শ্বাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোক লৈ সম্প্ৰতি অঞ্চলজুৰি অব্যাহত আছে চেপাঁ উত্তেজনা।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…