দেশৰ বিভিন্ন প্ৰান্তৰ অৰ্থ-সামাজিক, স্বাস্থ্য- সেৱা আদি জনকল্যাণ মূলক কামৰ সৈতে জড়িত দেশৰ এক আগ-শৰীৰ বেচৰকাৰী সংস্থা “Srijan Ek Soch”ৰ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অমৃখোৱা গাঁওত আজি আৰ্থ-সামাজিক উন্নয়ন কেন্দ্ৰ এটা স্থাপন কৰা হয় । সেই উদ্দেশ্যেৰে সৰ্থেবাৰীৰ আমৃখোৱা গাঁওত আজি উপস্থিত হয় সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰভাত চেকসেনা আৰু আমেৰিকা নিবাসী বিশিষ্ট অভিযন্তা তথা আমৃখোৱা গাঁওৰ সন্তান ভাবেশ ডেকা । সৰ্থেবাৰীৰ আমৃখোৱাত উপস্থিত হৈ সংস্থাটোৰ বিষয়াদ্বয়ে গাঁওখন পৰিদৰ্শন কৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে এই সন্থাটোৰ লগত জড়িত স্বেচ্ছাসেৱক সকলৰৰ লগত এক আলোচনাত মিলিত হয় । আলোচনা সভাৰ শেষত প্ৰভাত চেকসেনাই সংবাদ মাধ্যমৰ আগত শিক্ষাৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰটো বিভিন্ন কাম কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে । একেদৰে দক্ষতা বিকাশৰ ক্ষেত্ৰতো স্থানীয় যুৱক-যুৱতীসকলক বিভিন্ন বৃত্তিগত শিক্ষা দিয়াৰ বাবেও সংস্থাটোৱে কাম কৰি যোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে । আমৃখোৱা গাঁওত উপস্থিত হোৱাৰ পূৰ্বে প্ৰভাত চেকসেনাৰ নেতৃত্বত সংস্থাটোৰ এটা প্ৰতিনিধি দলে বৰপেটা জিলাৰ মাননীয় উপায়ুক্ত তেজ প্ৰসাদ ভূষালক সাক্ষাৎ কৰি এই বিষয় সমূহৰ ওপৰত আলোচনা কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…