কাকজানত ১৯ নৱেম্বৰ=পূব যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ লাহিং গ্ৰাণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ৫০ তম বৰ্ষ উপলক্ষে বিদ্যালয়খনিত ২০২২ বৰ্ষত সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ বৰ্ষজোৰা কাৰ্যসূচী পালনৰ ৰাজহুৱা সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিদ্যালয়খনিত ১৭ নবেম্বৰ তাৰিখে সোণালী জয়ন্তীৰ উদ্যাপন সমিতিৰ বৈঠকখনি কাৰ্যকৰী সভাপতি নিত্যানন্দ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাই ২০২২ বৰ্ষৰ পহিলা জানুৱাৰীত সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ শুভাৰম্ভ অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাত উদ্যাপন সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ বৰা প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক টুপীৰাম চুতীয়া প্ৰাক্তন শিক্ষক তুলাৰাম বৰা বোধেশ্বৰ বাঢ়ৈ ,গোলাপ শইকীয়াইও ৰাইজৰ সৈতে অংশ লয়।সম্পাদক তথা বিদ্যালয় প্ৰধান শিক্ষক অৰূপ বুঢ়াগোঁহাইয়ে সোণালী বৰ্ষ উদ্যাপনৰ শুভাৰম্ভ কাৰ্যসূচীৰ এক আভাস দাঙি ধৰি বিদ্যালয়খনিৰ প্ৰতিষ্ঠা কালত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিৰ নাম তালিকা পাঠ কৰি বিশেষ সম্মান প্ৰদানৰ বাবে সভাৰ অনুমোদন গ্ৰহণ কৰে।সভাপতি তৰুণ চন্দ্ৰ বৰাই বৰ্ষ জোৰা কাৰ্যসূচীৰ পৰিকল্পনা পাঠ কৰে। সভাত প্ৰতিষ্ঠা কালৰ প্ৰাক্তন তিনিগৰাকী শিক্ষাগুৰু টুপীৰাম চুতীয়া তুলাৰাম বৰা, গোলাপ শইকীয়াৰ লগতে বোধেশ্বৰ বাঢ়ৈও শুভাৰম্ভ অনুষ্ঠানৰ আপ্যায়নৰ বাবে বিশেষ অৰিহণা ঘোষনা কৰি ১৯৭২ চনৰ প্ৰতিষ্ঠা কালৰ আৱেগিক সময়ক বিশেষ সম্মান প্ৰদৰ্শন কৰে। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ ফুকন প্ৰমূখ্য কৰি বহু বিশিষ্ট ব্যক্তিও অংশ লয়। বিদ্যালয়খনিৰ সোণালী জয়ন্তী বৰ্ষ উদ্যাপন সমিতিয়ে স্থানীয় সকলো ৰাইজৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী -শুভাকাংক্ষী ৰাইজৰ আন্তৰিক সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ কল্যান আৰু উন্নতি বিচৰাসকলে ভাজপা-মিত্ৰজোঁটক জয়যুক্ত কৰিবঃ অজন্তা নেওগ…
- পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰাৰ অপ্ৰাণ চেষ্টা ন-শিল্পী পাৰ্থ প্ৰতীম দাসৰ…
- নিৰ্মল হালৈ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰত “আমাৰ পাটাছাৰকুছি” শীৰ্ষক গ্রন্থ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন…
- ডিমৌ ৰাজহ চক্রৰ নিতাইপুখুৰীত ৩৫ বছৰে উন্মুক্ত হৈ পৰি আছে দুৱৰীছিগা ডুবি, ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…