দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ NICM (National Institute Of Computer and Management) খকন্দগুৰি(আমগুৰি) শাখাৰ আজি শুভাৰম্ভনি কৰা হয় । বয়োজ্যেষ্ঠ ব্যক্তি টুনিৰাম ফুকনে বন্তিপ্ৰজ্বলে আৰম্ভহোৱা অনুষ্ঠানটোত ন-ভঙ্গা বাপুজী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ কুমাৰ বড়াই ফিটা কাটি কেন্দ্ৰটো মুকলি কৰে। অনুষ্ঠানত ন-ভঙ্গা বাপুজী হাইস্কুলৰ প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি গোস্বামী, যুৱসমাজকৰ্মী চাহাবুদ্দিন আহমেদ, প্ৰাক্তন ছাত্ৰনেতা মনচুম বৰা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সভাপতি দীপক জৈন, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈ, NICMৰ পৰিচালন সঞ্চালক পৱিত্ৰ বৰা, প্ৰদ্যুৎ শৰ্মা,পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সভাপতি নকুল দাস, শিক্ষয়ত্ৰী প্লাবিতা দত্ত,শিক্ষক অভিজিৎ লইং, ছাত্ৰ নেতা মৃদুল শইকীয়া, ধৰ্মেশ্বৰ দত্তকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বানেগৰকা বৃহত্তৰ অঞ্চলত এই কেন্দ্ৰটোৰ পৰা ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব বুলি NICM খকন্দগুৰি শাখাৰ তত্বাৱধায়ক দেৱব্ৰত দত্ত আৰু অংকুৰ বৰুৱাই আশা প্ৰকাশ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…