নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ প্ৰাণকেন্দ্ৰ চামতাৰ ইতিহাস ঐতিহ্য-গৌৰৱ বিষয়ক এক দৃশ্য শ্ৰব্য অনুষ্ঠানৰ সোমবাৰে দৃশ্য গ্ৰহণ কৰা হয় ৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ “ গাৱত এটা দিন”( Day in a village) শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি দূৰদৰ্শন কেন্দ্ৰ- গুৱাহাটীৰ এটি বিষয়া কৰ্মচাৰীৰ দল আহি চামতাত উপস্হিত হয় ৷ এই দলটোৱে প্ৰথমে এশ আঠ বছৰীয়া ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত উপস্হিত হৈ শিক্ষানুষ্ঠানখনৰ ইতিহাস ঐতিহ্যৰ বিষয়ে বুজ লৈ বাণীবদ্ধ কৰে ৷ দলটো পিছত কুলবিলঘাটত উপস্থিত হৈ বুঢ়াদিয়া নৈ , কুলবিলঘাট ৰাজহুৱা শিৱালয়ৰ বিষয়ে কিছু তথ্য বাণীবদ্ধ কৰে ৷ দলটোৱে কুলবিল হীৰাপাৰাৰ মৃৎ শিল্প আৰু শিল্পী সকলৰ দৃশ্য গ্ৰহন কৰে ৷ দলটোৱে পিছত চামতাৰ কেন্দ্ৰীয় মছজিদ আৰু জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ গন্ধিয়াত উপস্হিত হয় ৷ চামতাৰ কামৰূপ মহাবিদ্যালয়, পশ্চিম চামতা হাইস্কুল, বাবাৰ থান, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়াম, আৰু সুৰদেৱী থিয়েটাৰৰ কাৰ্যালয়ত উপস্থিত হৈ তথ্য, দৃশ্য বাণীবদ্ধ কৰে ৷ দূৰদৰ্শন কেন্দ্ৰ দলটোৰ দিনজোৰা কাৰ্যসূচীৰ দিনটোৰ বাবে সংগ দিয়ে বিশিষ্ট ক্ৰীড়া সংগঠকযতীন শৰ্মাই ৷ অনুষ্ঠানটোৰ বাবে আগতীয়াকৈ তথ্য সমৃদ্ধ এখন প্ৰতিবেদন লিখি দাখিল কৰিছিল সংবাদিক ৰাজেন বৈশ্যই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…