নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ পাঠদান আজি শুভৰাম্ভ কৰা হয় ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে হাইস্কুলখন উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰিছিল ৷ আজি একাদশ শ্ৰেণীৰ পাঠদানৰ শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে ৷ শেহতীয়াভাৱে অঞ্চলটোৰ ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ কলা শাখাত নামভৰ্তি কৰিছে ৷ বিধায়ক দিগন্ত বৰ্মনে শ্ৰেণীকোঠা মুকলি কৰাৰ পিছতে বিদ্যালয়খনৰ অসমীয়া বিষয়ৰ শিক্ষয়ত্ৰী ৰুমা বৰাই ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰি শুভাৰাম্ভ কৰে পাঠদান প্ৰক্ৰিয়া ৷ নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সোণাবৰ আলীৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় উদ্বোধনী সভা ৷ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজুৰুদ্দিন আহমেদে সভাৰ উদ্দেশ্য বাখ্যা কৰি বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক উচচ শিক্ষা গ্ৰহণত বিশেষ সুবিধা প্ৰদান কৰি দিয়াৰ বাবে বিধায়কগৰাকী ধন্যবাদ জনায় ৷ শুভৰাম্ভনি অনুষ্ঠানত নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত উপস্থিত থাকি ২৫ নৱেম্বৰৰ দিনটো এই অঞ্চলৰ ৰাইজৰ বাবে এক চিৰস্মৰনীয় দিন হিচাপে লিপিবদ্ধ হব বুলি কোৱাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটো এখোজ আগুৱাব বুলি আশা প্ৰকাশ কৰে ৷ বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে শ্ৰেণীকোঠা মুকলি কৰি উদ্বোধনী সভাত কয় যে বৰক্ষেত্ৰীৰ দহখন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণৰ বাবে চৰকাৰৰ ওচৰত আৱেদন জনোৱা বুলি কৈ ২০১৩ চনত প্ৰাদেশিত ঘোগা বদনি-আখিয়া লাওতোলা হাইস্কুলখন অন্যতম আছিল মন্তব্য কৰে ৷ বিধায়ক গৰাকীয়ে লগতে কয় যে ছয় শতাধিকতকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ অভাৱ যথেষ্ট আছে আৰু আগন্তক মাৰ্চ মাহৰ পূৰ্বে বিদ্যালয়খনৰ আন্ত:গাঠনিৰ বাবে দহ লাখ টকা অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ উদ্বোধনী অনুষ্ঠানত ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগম, পূৱ বৰক্ষেত্ৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হংসনাথ দাস, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোকমান আলী, জিবিএল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আনোৱাৰ হুছেইন শইকীয়া, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি নাছিৰ প্ৰধানী, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি চাধুল্লা আলী, ঘোগা মণ্ডল কংগ্ৰেছৰ সভাপতি মোস্তাফা আলীসহ অঞ্চলটোৰ ভালেকেইজন অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু শতাধিক স্থানীয় লোক উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…