আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিয়ে । সেইমৰ্মে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টি নলবাৰী টাউন মণ্ডল সমিতিৰ উদ্যোগত বিজেপি নলবাৰী জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ত আগন্তুক নলবাৰী পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুথ সভাপতি আৰু সাধাৰণ সম্পাদক সকলক লৈ অনুষ্ঠিত কৰা সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় । আজিৰ এই সাংগঠনিক সভাত আগন্তুক পৌৰসভা নিৰ্বাচন সন্দৰ্ভৰ লগতে কি দৰে ভাৰতীয় জনতা পাৰ্টি দলৰ ভেটি মুজবত কৰিব পাৰি সেই বিষয় সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । আজিৰ এই সাংগঠনিক সভাত ৫৯ নং নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা,বিজেপি নলবাৰী জিলা সমিতিৰ সভাপতি ডা: মৃগাংক তালুকদাৰ,নলবাৰী টাউন মণ্ডল সমিতিৰ সভানেত্ৰী অজিতা বৰ্মন ,পূৱ নলবাৰী মণ্ডল সমিতিৰ সভাপতি প্ৰতুল কলিতা লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…