তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তি অঞ্চল টেকেৰী গাঁৱৰ চৰকাৰী গাওঁ বুঢ়া লাটেশ্বৰ চেতিয়া ঘৰত পিতৃ চেমন্ত নেওগ,প্ৰয়াত মাতৃ ইলা নেওগৰ পুত্ৰ বাবুল নেওগৰ দ্বাৰা ৰচনা আৰু পৰিচলনা কৰা চুটি ছবি “তাৱৈ” আজি মুক্তি লাভ কৰে। সদৌ মৰাণ ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মানস মৰাণৰ দ্বাৰা শুভ মুক্তি কৰা অনুষ্ঠানত উপস্থিত থাকে টেকেৰী জাতীয় বিদ্যালয়ৰ পৰিচালক আৰু “তাৱৈ” চুটি ছবিৰ অন্যতম চৰিত্ৰত অভিনয় কৰা অভিনেতা বিজু মৰাণ, চুটি ছবিৰ ইডিটৰ কৈলাশ চাউৰক আৰু হৰিকান্ত চাউৰক লগতে টেকেৰী গাঁৱৰ বহু কেইজন গণ্যমান্য ব্যক্তি। অনুষ্ঠানটোৰ আহ্বায়ক, তাৱৈৰ পৰিচালক বাবুল নেওগে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বহু কষ্টৰ মাজেৰে অৱশেষত আজি ৰাইজ আপোনালোকলৈ আগবঢ়াই দিলো। আপোনালোকে অতি হেঁপাহেৰে বাট চাই থকা ” তাৱৈ ” চুটি ছবি খনি আজি মুক্তি দিলোঁ। এই ছেগতে বন্ধু মানস মৰাণলৈ আন্তৰিক ধন্যবাদ জনালো আমাৰ অনুৰুধ ৰক্ষা কৰি ছবি খনি মুক্তি কৰি দিয়াৰ বাবে লগতে অনুষ্ঠানটিত উপস্থিত থকা বন্ধু বিকাশ ডেকা মৰাণ,বিজু মৰাণ ককাইদেউ,লাটেশ্বৰ চেতিয়া ককাইদেউ , মায়া বৌ ,ভাইটি দুষ্মন্ত মৰাণলৈও আৰু আমাৰ ছবি খনিৰ লগত জড়িত প্ৰতিগৰাকী কলাকুশলী,শুভাকাংশী সকললৈও আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো লগতে আশা ৰাখিছো আপোনালোকে আদৰি লব।বৰ্তমানলৈকে ৬ খন চুটি ছবি কৰি আজি “তাৱৈ” চুটি ছবিখন মুক্তি পালে। মই বহুত সুখী। ভবিষ্যতে এখন ভাল পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মান কৰাৰ পৰিকল্পনা আছে কিন্তু আৰ্থিক ক্ষেত্ৰত বৰ্তমালৈকে সৱল হব পৰা নাই সেইবাবে সঠিক সময়লৈ অপেক্ষা কৰি আছো। এইদৰে বিভিন্ন দিশৰ উপৰত মন্তব্য প্ৰদান কৰা মাজতে শৈক্ষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক দিশৰ উন্নয়ন কৰিবলৈ গুৰুত্বপুৰ্ণ প্ৰদক্ষেপ লোৱাৰ কথা প্ৰকাশ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…
- দলগাঁৱৰ পাণবাৰীত দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ…
- শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…
- জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…
- বেছিভাগ মানুহৰে পেট বঢ়া! বঢ়া পেট কমাব কেনেকৈ? শিকি লওক টিপচ…
- কালদিয়া নৈত সন্ধানহীন কিশোৰীৰ সন্ধানত SDRFৰ অভিযান…
- খোৱাৰ পিছতো ভোক লাগে নেকি? নিশ্চয় এই ৫টা ভুল কৰিছে…
- ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…
- বিশ্ব হাঁহি দিৱসঃ হাঁহি থাকক, সুখত থাকক! সুস্থ হৈ থাকিবলৈ হাঁহিয়ে যথেষ্ট…
- চিপছ, বিস্কুট; মিঠাই নাখাব ৰাতিপুৱা! কাৰণ জানি লওক, নহ’লে প্ৰস্তাৱ…