ওদালগুৰি জিলাৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব সুনীল কুমাৰ বাসুমতাৰীক দায়িত্ব অৰ্পণ কৰাৰ পিছৰে পৰা ক্ৰমান্বয়ে সক্ৰিয় হবলৈ ধৰিছে ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি । জিলা সভাপতি হিচাপে জিলা সভাপতি বসুমতাৰীৰ নেতৃত্বত গঠন হোৱা জিলা সমিতি খনত জিলা খনৰ পৰা সক্ৰিয় দলীয় কাৰ্য্যকর্তা সকলক বিভিন্ন দায়িত্ব অৰ্পণ কৰা পৰিলক্ষিত হৈছে । ওদালগুৰি জিলা বিজেপি সমিতি খনত সাধাৰণ সম্পাদক হিচাপে জয়কান্ত শৰ্মা , বলেন ব্ৰহ্ম আৰু সম্পাদক হিচাপে ৬ জন কাৰ্য্যকর্তা ক্ৰমে বিষ্ণুজ্যোতি ৰাভা , মানসী ডেকা , জৌচাং দৈমাৰী , বিনীতা কলিতা , জ্যোতিপ্ৰসাদ দাস , জোনমণি শইকীয়া, কোষাধ্যক্ষ কিশোৰ বায়ন ,কাৰ্য্যালয় সম্পাদক প্ৰণৱ দাস ,কাৰ্য্যালয় সহ: সম্পাদক অনুপম শৰ্মা , উপ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা , বীৰ্দ্ধও বসুমতাৰীৰ লগতে জেষ্ঠ কৰ্মী তপন চৰকাৰ ,পদুমী মহানন্দ ,বিক্ৰম বসুমতাৰী আৰু লক্ষ্মী মৈণালীকো উপ সভাপতি হিচাপে অধিষ্ঠিত কৰিছে । সংবাদ কোষত জয়ন্ত শৰ্মাক দায়িত্ব অৰ্পণ কৰিছে । আৰু ওদালগুৰি জিলাৰ অন্যতম সক্ৰিয় যুৱ নেতা কিশোৰ শৰ্মাক ওদালগুৰি জিলা বিজেপিৰ সামাজিক মাধ্যমৰ আহ্বায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছে । মাজবাটৰ অন্যতম পৰিচিত যুৱ নেতা কিশোৰ শৰ্মায়ে সামাজিক মাধ্যমৰ গুৰুদায়িত্ব পোৱা মাত্ৰেই ওদালগুৰি জিলা সামাজিক মাধ্যমৰ ২১ জনীয় জিলা সমিতি গঠন কৰি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছে । যুৱ নেতা কিশোৰ শৰ্মায়ে জানিব দিয়া মতে সমগ্ৰ ওদালগুৰি জিলাৰ ১১ খন মণ্ডলত বিজেপিৰ সামাজিক মাধ্যমৰ এক সুকীয়া সমিতি গঠন প্ৰক্ৰিয়া দ্ৰুত গতিত চলিছে ইতিমধ্যে জিলা খনৰ অন্তৰ্গত প্ৰায়ে বোৰ মণ্ডলৰ পৰা সামাজিক মাধ্যমৰ শক্তিশালী টিম বাহিনীবোৰ গঠন কৰি থকা হৈছে যিটো টিম বাহিনীয়ে দলৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত যথেষ্ট ভূমিকা গ্ৰহণ কৰিব আৰু লগতে ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি আগৰ তুলনাত আৰু অধিক শক্তিশালী হোৱাৰ পোষকতা কৰে মাজবাটৰ যুৱ নেতা বৰ্তমান জিলা সমিতিৰ বিষয়ববীয়া কিশোৰ শৰ্মায়ে । ওদালগুৰি জিলা বিজেপিৰ সামাজিক মাধ্যমৰ জিলা আহ্বায়ক তথা মুখপাত্ৰৰ দায়িত্বত তথা যুৱ নেতা কিশোৰ শৰ্মাই ওদালগুৰি জিলা সামাজিক মাধ্যমৰ ২১ জনীয় সমিতি গঠন কৰি ইতিমধ্যে সকলোকে দায়িত্ব অৰ্পণ কৰিছে । জিলা সভাপতিৰ নিৰ্দেশ মৰ্মে কিশোৰ শৰ্মাই গঠন কৰা জিলা সমিতি খনত জিলাৰ সামাজিক মাধ্যমৰ সহ আহ্বায়ক হিচাপে ক্ৰমে বীণা দেৱী ,ৰিংকি ধৰ , ৰঞ্জন ডেকা ৰ লগতে জিলা সদস্য হিচাপে সমগ্ৰ জিলাৰ প্ৰত্যেক মণ্ডলৰ পৰা সক্ৰিয় কাৰ্য্যকর্তা সকলক লৈ মুঠ ২১ জনীয় সমিতি গঠন কৰা হৈছে । জিলাৰ সদস্য হিচাপে দায়িত্ব লাভ কৰা সকল ক্ৰমে কস্তভ হাজৰিকা , জগত ছেত্ৰী , অনুজ শৰ্মা , দিলীপ চৌহান , অস্মিতা ছেত্ৰী , স্বমকৰ ব্ৰহ্ম , ৰূপজ্যোতি কাকতি , বিশ্বজিত নেতাম , মিন্টু বৰুৱা , ৰিংকু মোদক , মানস শৰ্মা , কণিকা ডেকা নবীন শৰ্মা , ৰিজ’ ছেত্ৰী , নিকুমণি বৰা আৰু অজয় চৌধুৰী আদি কাৰ্যকৰ্তাই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…