অনিমেষ ভূঞা হত্যাৰ প্ৰতিবাদত দ্বিতীয় দিনাও মাজুলীত বিক্ষোভ কাৰ্যসূচী

মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত পূব মাজুলী মহাবিদ্যালয় খেল পথাৰত আজি দ্বিতীয় দিনাৰ বাবে জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদ কাৰ্যসূচীৰ আৰম্ভণিতে অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্য অৰ্পণ কৰে সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৷ প্ৰতিবাদ স্থলীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই বক্তব্য ৰাখি এই ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ লগতে আজি ক’লা ল’ৰা দাসৰ মৃত্যুত সকলোৱে শান্তি পাইছে বুলি বক্তব্যত উল্লেখ কৰে ৷  ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামীয়ে বক্তব্য প্ৰদান কৰি বাকী থকা আটাইকেইগৰাকী ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদ স্থলীত বক্তব্য প্ৰদান কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা , জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ সম্পাদক পবিত্ৰ বৰা , আছুৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য দুলাল ভূঞাইও দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদ স্থলীত জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি দীপক নেওগ , সহকাৰী সাধাৰণ সম্পাদক কাকুমনি কলিতা , পূবমাজুলী আঞ্চলিকৰ সভাপতি ভাস্কৰ শইকীয়া সম্পাদক প্ৰান্তু চাহু , কমলাবাৰী , গড়মুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সহ তিনি শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে ৷

Related Articles