দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ইপৰীয়াস্থ জনজাতি আৱাসগৃহ মধ্য ইংৰাজী বিদ্যালয়ত ১ ডিচেম্বৰত বিশ্ব দিব্যাংগ সপ্তাহ উপলক্ষে উত্তৰ পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা গোটে দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। সপ্তাজোৰা কাৰ্যসূচীৰ অংশ হিচাপে উদযাপন কৰা এই কাৰ্যসূচীত লাখেৰাজ জনজাতি হাইস্কুল, জনজ্যোতি মিচিং হাইস্কুল, আমগুৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয়, হেমচন্দ্ৰ দেৱ গোস্বামী মধ্য ইংৰাজী বিদ্যালয় আৰু জনজাতি আৱাসগৃহ মধ্য ইংৰাজী বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত উত্তৰ পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ সৰ্বাধিক শিক্ষা গোটৰ হৈ সমল ব্যক্তি ৰাজিব গগৈ, ৰিতুমনি গগৈ, সহকাৰী সমল ব্যক্তি নিতু দত্ত আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি ৰূপৰেখা বৰাৰ লগতে অংশগ্ৰহণকাৰী বিদ্যালয় সমুহৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকল উপস্থিত থাকে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

