সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত গহপুৰৰ বড়িগাঁৱত আজি গৃহৰক্ষী বাহিনীৰ ৫৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা গহপুৰৰ বড়িগাঁৱৰ নিৰ্মিয়মান চাৰিলেন যুক্ত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৪০০ৰো অধিক গছ পুলি ৰোপনৰ ব্যৱস্থা কৰা গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ। বিশ্বনাথ জিলা গৃহৰক্ষী বাহিনীৰ উদ্যোগত উদযাপিত উক্ত প্ৰতিষ্ঠা দিৱসত গহপুৰ আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিশ্বনাথ জিলা গৃহৰক্ষী বাহিনীৰ সভাপতি মানস জ্যোতি মহন্ত আৰু সম্পাদক মঃ নেফিব আহমেদত তত্বাবধানত আয়োজিত উক্ত প্ৰতিষ্ঠা দিৱসত সোলেঙীগুৰি গাঁও পঞ্চায়তৰ সভাপতি বিপুল বৰা, সদৌ অসম গৃহৰক্ষী বাহিনীৰ উপসভাপতি মোহন বৰা, শোণিতপুৰ জিলা গৃহৰক্ষী বাহিনীৰ সভাপতি অঞ্জন নাথ, সম্পাদক বসন্ত বৰা, প্ৰকৃতিপ্ৰেমী যুৱক বৃক্ষ মানৱ বকুল গগৈ, জ্যেষ্ঠ সাংবাদিক তুৱাকান্ত দুৱৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ব্যক্তিয়ে বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত প্ৰতিষ্ঠা দিৱসটো সন্ধ্যা বন্তী প্ৰজ্বলনেৰে সামৰণি পৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…