ডিব্ৰুগড় জিলাৰ মৰাণত দিন দুপৰতে এগৰাকী মহিলাক হত্যা কৰি চোঁচৰাই নি চাহ বাগিচাৰ মাজত পেলাই থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । জানিব পৰা ঘটনা অনুসৰি, ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ চাহ বাগিচাৰ টিখৰাই ডিভিজনৰ ৮ নং চেকচনৰ মাজত অৰ্ধ উলংগ অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটো দিখাৰী নেপালী গাঁৱৰ মিথু কৰ্মকাৰৰ দ্বিতীয়া পত্নী পাৰ্বতী মূড়া (৩০) । ডেৰ বছৰীয়া সন্তানৰ মাতৃ পাৰ্বতী মূড়া মৰাণ চাহ বাগিচাৰ টিখৰাই ডিভিজনৰ স্থায়ী শ্ৰমিক আছিল বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীননাথ মিলি, মৰাণ আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক সিদ্ধেশ্বৰ বড়োসহ আৰক্ষী দল আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড° সংগীতা শৰ্মা উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে । আনহাতে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । উক্ত হত্যাকাণ্ড ঘটনাকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । কোনে কি কাৰণত মহিলা গৰাকীক হত্যা কৰিলে জানিব পৰা নাই। আৰক্ষীৰ তদন্তৰ অভিযান অব্যাহত ৰাখিছে।শীঘ্ৰেই আৰক্ষী জালত হত্যাকাৰী পৰিব বুলি আৰক্ষীয়ে অবগত কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া
- আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস…
- তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…