২০৩০ চনৰ ভিতৰত মহিলাৰ বিৰুদ্ধে হিংসা ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে অভিযান “ইউ এন আই টি ই” (UNiTE) পালন কৰি আছে, যি হৈছে মহিলা আৰু ছোৱালীৰ লিংগ-আধাৰিত হিংসাৰ বিৰুদ্ধে ১৬ দিনৰ সক্ৰিয়তা, যি ২০২১ চনৰ ২৫ নৱেম্বৰত মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ বাবে আন্তৰ্জাতিক দিৱসত আৰম্ভ হৈছিল আৰু ১০ ডিচেম্বৰ ২০২১ত মানৱ অধিকাৰ দিৱসত সমাপ্ত হ’ব। অসম চৰকাৰৰ সমাজ কল্যাণ সঞ্চালকালয়েও ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে ।এই অনুসৰি আজি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগনৰ পৰা নাজিৰা নাট্য মন্দিৰলৈ, মহিলা আৰু কন্যা সন্তানৰ নিৰ্যাতনৰ বিৰুদ্ধে হোৱা হিংসা প্ৰতিৰোধ আৰু ইয়াৰ সমাধানৰ দিশত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমাজ কল্যান বিভাগ আৰু নাজিৰা শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত এখনি শোভাযাত্ৰা আৰম্ভ কৰা হয়। শোভাযাত্ৰাৰ অন্তত নাজিৰা নাট্য মন্দিৰ প্ৰাংগনত শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰ পৰ্যৱেক্ষিকা নীলাক্ষী বৰুৱাই ৰচনা কৰা এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই নাট খনৰ মূল বিষয়বস্তু আছিল যৌতুক প্ৰথা নিৰ্মূল কৰা। পৰিচালনা জোতিমণি হাতীকাকতিৰ। নাটক খন অঙ্গনৱাড়ী কৰ্মী সকলে প্ৰদৰ্শন কৰে। অভিনয় কৰে জোতিমণি হাতীকাকতী, ৰূপা দত্ত আৰু ভানু দত্তই।নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে আনুষ্ঠানিক ভাৱে মুকলি কৰা এই শোভাযাত্ৰাত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, নাজিৰা শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰিনু বড়া, পোষণৰ খণ্ড সমন্বয়ক অভিনৱ গগৈ, নাজিৰা শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰ পৰ্যৱেক্ষিকা সকল, অংগনৱাড়ী কৰ্মী সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…
- ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…
- কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…
- তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…