কামৰূপীয়া লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ স্মৃতি ৰক্ষাৰ্থে বৰপেটাৰ ভেল্লাত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। বৰপেটাৰ ঐতিহাসিক ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মঙ্গলবাৰে এই প্ৰেক্ষাগৃহ নিৰ্মাণৰ শুভাৰম্ভণি কৰা হয়। মুখ্যমন্ত্ৰীৰ আনটাইড ফাণ্ডৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। আধাৰশিলাটি প্ৰয়াত ৰামেশ্বৰ পাঠকৰ সহধৰ্মিণী ধনদা পাঠক আৰু অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে উপায়ুক্ত গৰাকীয়ে। সেই উপলক্ষে এক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি ধনী আলীয়ে আতঁ ধৰা এই উদ্বোধনী অনুষ্ঠানত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ দাস, বিদ্যালয় খনৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, শিল্পী জয় চক্ৰবৰ্তী, গৰিয়া উন্নয়ন পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য হিবজুৰ ৰহমান, ভেল্লা গাঁও পঞ্চায়তৰ সভাপতি আফিয়া বেগমৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল। এগৰাকী ভাল ছাত্ৰ হিচাপে পৰিচিত ৰামেশ্বৰ পাঠক একেৰাহে লোকগীতৰ শিল্পীৰ লগতে খেলুৱৈ আছিল।লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ স্মৃতি ৰক্ষাৰ্থে লোৱা এই পদক্ষেপক প্ৰশংসা কৰিছে ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চি বি এছ চি’ৰ মেট্ৰিকত ৯৬.২ শতাংশ নম্বৰৰে উজ্জলিল চিলাপথাৰৰ জুবীৰাজ সোনোৱাল…
- বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চৰকাৰী আঁচনি- শিক্ষাৰ্থীৰ যাৱতীয় নথি-পত্ৰৰ বাবে অনলাইন সেৱা শিৱিৰ সম্পন্ন…
- দেশলৈ ঘূৰি আহিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি অভিযুক্ত প্ৰজ্জ্বল ৰেভান্না…
- বনজুইঃ উত্তৰাখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীক কিয় নিৰ্বাচনী কামত ব্যৱহাৰ কৰা হৈছিল?
- প্ৰতিবাদলৈ কেৰেপ নকৰিলে চৰকাৰেঃ দেশত কাৰ্যকৰী কৰা হ’ল কা, প্ৰথমবাৰৰ বাবে ১৪ জন আৱেদনকাৰীয়ে কাৰ অধীনত লাভ কৰিলে নাগৰিকত্ব…
- আৰইচি লিমিটেডৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰ্ষ বাৱেজাই…
- মানি লণ্ডাৰিং গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক…
- বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা! গাড়ী চলাওঁতে হাৰ্ট এটেক কিয় আহে, যদি শৰীৰত এই লক্ষণসমূহ দেখা দিয়ে তেন্তে সাৱধান হওক…
- খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- ইউএছটিএমত জৈৱবিজ্ঞানৰ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ