ওদালগুৰি জিলা আৰ্য্য সমাজৰ বাৰ্ষিক সাধাৰণ সভা যোৱা ৫ ডিচেম্বৰ তাৰিখে ওদালগুৰি স্থিত আৰ্যসমাজৰ ভৱন প্ৰাঙ্গণত জিলা সমিতিৰ সভাপতি হৰিভক্ত শৰ্মাৰ সভাপতিত্বত সম্পন্ন হয়। সমিতিৰ সাধাৰণ সম্পাদক কমল উপাধ্যায়ে সভাৰ বিষয় বস্তু উল্লেখ কৰাৰ পিছত উপস্থিত অতিথিসকলে সভাত বক্তব্য আগবঢ়ায়। সেই সভাতেই আৰ্য্য সমাজৰ লগতে অন্যান্য ক্ষেত্ৰতো বিশেষ সেৱা আগবঢ়াই সমাজৰ বিভিন্ন দিশত সহায় কৰাৰ বাবে দধিৰাম বাস্তোলাক আৰ্য্যসমাজ ওদালগুৰি জিলা সমিতিয়ে চেলেং চাদৰ, নেপালী টুপী, খদাৰ লগতে সম্বৰ্ধনা পত্ৰেৰে সন্মান প্ৰদান কৰে। বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ে দধিৰাম বাস্তোলাৰ জীৱনত আধাৰিত এখনি পুস্তিকা উন্মোচন কৰে। ওদালগুৰি আৰ্য্যসমাজৰ বিশিষ্ট ব্যক্তি শান্তিৰাম সৰ্মাই আত ধৰা সভাত বিশ্ব হিন্দু পৰিষদ গোৰক্ষা সমিতিৰ বিশেষ সদস্য উত্তম পৌড্যালে গোৰক্ষা বিষয় সভাত বক্তব্য আগবঢ়ায়। লগতে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াই, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, বিশিষ্ট সমাজসেৱী বলভদ্ৰ ভাণ্ডাৰী, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বাস্তোলা আদিয়ে আৰ্য্যসমাজৰ বিষয় সভাত বক্তব্য ৰাখে। যোৱা কেইদিনমান আগতে আৰ্যসমাজ ওদালগুৰি জিলা সমিতিয়ে আয়োজন কৰা বিষয় বাচনী সভাত মনোনীত হোৱা সভাপতি ঋষিৰাম পোখ্ৰেল আৰু সাধাৰণ সম্পাদক সহদেৱ গৌতমক পুৰণি সমিতিৰ সভাপতি হৰিভক্ত শৰ্মা আৰু সাধাৰণ সম্পাদক কমল উপাধ্যায়য়ে কাৰ্য্যভাৰ অৰ্পণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…