তিতাবৰ সাহিত্য সভাৰ অধিবেশনঃ দুখন গ্ৰন্থ উন্মোচন

তিতাবৰত সুদীৰ্ঘ চাৰি বছৰৰ মূৰত তিতাবৰ  সাহিত্য সভাৰ অধিবেশন আজি  সভাৰ নিজা সভাগৃহত দিন জোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা সভাৰ পতাকা উত্তোলন কৰে সভাপতি পৰেশ বৰুৱাই আৰু স্মৃতি তৰ্পন কৰে সভাৰ প্ৰাক্তন সভাপতি ভোলানাথ শৰ্মাই। স্মৃতি তৰ্পনৰ পিছতে অধিবেশনৰ বিষয় বাচনি সভা অনুষ্ঠিত হয়। সভাই আগন্তুক কাৰ্যকালৰ কাৰণে পৰেশ বৰুৱাক সভাপতি আৰু  গনেশ কছাৰীক সম্পাদক   হিচাপে লৈ এখন সক্ৰিয়  কাৰ্যনিৰ্বাহক কমিটি গঠন কৰে। সভাত পৰ্যবেক্ষকে হিচাপে অংশ গ্ৰহণ কৰে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মাধব মহন্তই।

দুপৰীয়া ১২ বজাৰ পৰা সভাৰ সভাপতি পৰেশ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁতধৰে সম্পাদক অৰুণ চন্দ্ৰ বৰুৱাই। তিতাবৰ লেখিকা সমাৰোহ সমিতিৰ মহিলা সকলৰ সমবেত গীতেৰে শুভাৰম্ভ কৰা মুকলি সভাত তৰুণ-কৃষ্ণ বায়েনৰ তত্তাৱধানত শশীকুল সংগীত বিদ্যালয়ৰ শিল্পী দুবোধ দত্তই বৰগীত পৰিবেশন আৰু মিনাক্ষী শইকীয়াই গীত পৰিবেশন কৰি ৰাইজক আমোদ দিয়ে। যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড৹ৰাতুল চন্দ্ৰ বৰাই সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু লগতে তিতাবৰৰ কবি সাহিত্যিক তথা তিতাবৰ সাহিত্য সভাৰ সম্পাদক অৰুণ চন্দ্ৰ বৰুৱাৰ গ্ৰন্থ ‘ মন্থন ‘ উন্মোচন কৰে। তদুপৰি এই সভাতে তিতাবৰ অফছেট প্ৰিণ্টাৰ্চৰ স্বত্বাধিকাৰ তথা লেখক এম ৰিজু আহমেদৰ গ্ৰন্থ ‘ তিতাবৰৰ বিধায়ক সকলৰ অৱলোকন ‘ উন্মোচন কৰে বিশিষ্ট অতিথি তিতাবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা বিমান শইকীয়া ই। 

এই সভাত তিতাবৰৰ বিশিষ্ট ব্যক্তি প্ৰাক্তন অধ্যাপক প্ৰফুল্ল শইকীয়া, প্ৰাক্তন অধ্যাপিকা ড৹ বন্দিতা গোস্বামী শইকীয়া, শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মা, সভাৰ প্ৰাক্তন সভাপতি ভবেন শইকীয়া, দেবীচৰণ ৰেগন, অৱসৰী শিক্ষা বিষয়া আশ্ৰফ হুছেইন, নন্দেশ্বৰ শইকীয়া, পুলিন কাকতী, তিলক বৰা, প্ৰমুখ্যে  ভালেসংখ্যক সাহিত্যনুৰাগী বিশিষ্ট  ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তদুপৰি  যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰী সকলৰ  উপস্থিতি সভাতে বিভিন্ন প্ৰতিযোগিতাৰ পুৰষ্কাৰ সমূহো বিতৰণ কৰা হৈছে। তিতাবৰ সাহিত্য সভাই জিলা সভাপতি ড৹ ৰাতুল চন্দ্ৰ বৰা আৰু সম্পাদক মাধব মহন্ত ক বিশেষ ভাবে সম্বৰ্দ্ধনা জনায়।  অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ এখন প্ৰশ্ন কাকত হিচাপে অসমীয়া ভাষাক অৱহেলিত কৰা কাৰ্যৰ বিৰুদ্ধে এটা প্ৰস্তাৱ আজিৰ সভাই গ্ৰহণ কৰিছে। সাহিত্য সংস্কৃতিৰ লগত জড়িত তিতাবৰৰ বৌদ্ধিক সমাজৰ ডেৰ শতাধিক ব্যক্তিয়ে তিতাবৰ সাহিত্য সভাৰ অধিবেশনত সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

Related Articles