কাণেৰে নুশুনাকৈ অপূৰ্ব নৃত্য প্ৰদৰ্শন ধৃতিকংকনা শইকীয়াৰ

মনত অদম্য ইচ্ছাশক্তি থাকিলে যে সকলো কাম কৰিব পাৰি তাৰেই এক উদাহৰণ হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ এগৰাকী ১৪ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰীয়ে ৷ জন্মগতভাৱেই মুকবধিৰ আৰু শ্ৰৱণশক্তি নথকা জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এইগৰাকী কিশোৰীৰ নাম ধৃতি কংকনা শইকীয়া ৷

অঞ্চলটোৰ জগত শইকীয়া আৰু জিনুমণি শইকীয়াৰ জীয়ৰী এইগৰাকী মেধাৱী কিশোৰীয়ে মনৰ অদম্য হেপাহ আৰু আত্মবিশ্বাসৰ বাবেই জয় কৰিবলৈ সক্ষম হৈছে শাৰীৰিক বাধাকো ৷ যাৰবাবে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কিশোৰী ধৃতিকংকনা ৷ সাংস্কৃতিক নগৰী বৃহত্তৰ জামুগুৰিহাটত ৰাস পূৰ্ণীমাৰ পিছৰপৰাই বৰ্তমানলৈকে ভিন্ন ঠাইত চলি আছে ৰাস উৎসৱ ৷

অন্যান্য ঠাইৰ লগতে এইবেলি বাসুদেৱ থানৰ ৰাস উৎসৱত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এইগৰাকী বিশেষভাৱে সক্ষম কিশোৰী ধৃতিকংকনা শইকীয়াৰ কেলিগোপাল নাটৰ শ্ৰী কৃষ্ণৰ নৃত্য প্ৰদৰ্শন৷ কাণেৰে একেবাৰে নুশুনা স্বত্বেও খোল-তাল-বাঁহিৰ-সুৰৰ শব্দ আৰু সংগীতৰ  তালে তালে সন্মুখৰ সতীৰ্থ কলা কুশলীসকলক অনুকৰণ কৰিয়েই কোনো খুত নৰখাকৈ সতীৰ্থ সকলৰ দৰেই নিজা প্ৰচেষ্টাত প্ৰদৰ্শন কৰিলে নৃত্য আৰু অভিনয় ৷ ধৃতিকংকনাৰ এই সুনিপুন নৃত্য প্ৰত্যক্ষ কৰি আশ্বৰ্য প্ৰকাশ কৰিছে মাতৃয়েও ৷ মাতৃৰ মতে কানেৰে নুশুনা আৰু মুকবধিৰ জীয়ৰীৰ এই শক্তি ভগৱানৰ আশীৰ্বাদ ৷ নদুৱাৰ জাতীয় বিদ্যালয়ত অষ্টম শ্ৰেণীত অধ্যয়নৰত ধৃতিকংকনা অন্যান্য ছাত্ৰ-ছাত্ৰীৰ দৰেই অধ্যয়নৰ দিশতো সমানেই আগুৱাই গৈছে বুলিও মত ব্যক্ত কৰে কিশোৰগৰাকীৰ মাতৃয়ে ৷

আনহাতে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক নৃত্যৰে মন্ত্ৰমুগ্ধ কৰা ধৃতিকংকনাক দৰ্শকসকলেও প্ৰশংসাৰে ওপচাই পেলোৱাৰ লগতে ভৱিষ্যতৰ দিনত সাংস্কৃতিক দিশৰ লগতে অধ্যয়নৰ দিশতো কিশোৰীগৰাকী আগুৱাই যোৱাৰ বাবে সকলোৱে আশীষ প্ৰদান কৰিছে ৷ এগৰাকী মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনাৰ এই সাহস আৰু আত্মবিশ্বাস সকলোৰে বাবে আদৰ্শ হঁওক ৷


জোন বৰা,জামুগুৰিহাট

Related Articles