শিক্ষক কনক কোচক উষ্ম আদৰণি

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত সোনাজুলি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কনক কোচক ৩১ডিচেম্বৰত উষ্ম আদৰণি জনোৱা হয় । ১৯৮৫ চনৰ মে মাহত উক্ত বিদ্যালয় খনত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে যোগদান কৰা প্ৰধান শিক্ষক গৰাকীক আজি বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ, ছাত্ৰী,অভিভাবক আৰু অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শৰাই, ফুলাম গামোচা, কিতাপৰ টোপোলাৰে উষ্ম আদৰণি জনাই ।

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত  বিদ্যালয় প্ৰাসংগত পুৰন সিং গোড়ৰ সভাপতিত্ব অনুষ্ঠিত হোৱা বিদায়ী তথা সম্বৰ্ধনা সভাত অবসৰ প্ৰাপ্ত শিক্ষক কনক কোচে  এই সভাত উপস্থিত ৰাইজ তথা অভিভাবক সকলে জনোৱা মৰম চেনেহ, শ্ৰদ্ধাভুক্তি দেখি আপ্লুত হোবা বুলি চমু বক্তব্য দিয়াৰ লগতে বিগত সময়চোৱাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক অধ্যয়নৰ তাগিদাতে অজানিতে কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰি আবেগিক হৈ পৰে ।

সোনাজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতি ভানু চাহুবে আত ধৰা সভাখনত কাঠপুৰী লাট গাওঁ বুঢা পদ্মকান্ত ডেকা, ন গাওঁ দফলাপোটা প্ৰাথমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক বিনোদন কুমাৰ বৈশ্য, ভেলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কামাখ্যা শৰ্মা, শিক্ষক দিপালী গোড় প্ৰমুখ্যে ব্যক্তি সকলে অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীক উষ্ম আদৰণি জনাই  বক্তব্য দাঙি ধৰে।

Related Articles