ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএমৰ বিৰুদ্ধে অভিযোগ

বিটিএডিৰ ওদালগুৰি জিলাৰ ওৰাং খণ্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আঁচনি প্ৰৱন্ধক  পঙ্কজ সভাপিণ্ডতৰ বদলিৰ  নির্দেশৰ কথা জানিব  পাৰি  ৭০নং মাজবাট বিধান সভা সমষ্টিৰ ৰাইজ,বিভিন্ন দল সংগঠন,অনুষ্ঠান,প্ৰতিষ্ঠান সমুহে স্থম্ভিত আৰু মর্মাহত হৈ পৰিছে ৷ বৃহত্তৰ  স্বাস্থ্য-খণ্ডটোৰ হিতাধিকাৰী সকলৰ কল্যাণ আৰু সেৱাৰ হকে সততে সক্রিয় আৰু ত্যাগৰ চানেকিৰে  কাম কৰি অহা আঁচনি প্ৰবন্ধক গৰাকীক স্বাস্থ্য বিভাগৰ নিষ্কর্মা ,অনিয়মীয়া তথা ষড়যন্ত্র কাৰী কেইগৰাকীমান স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য কর্মীৰ ৰোষৰ বলি হৈ পৰিছে। অনিয়মীয়া এনেধৰণৰ স্বাস্থ্য-বিষয়া আৰু স্বাস্থ্য-কৰ্মীক নিযমীয়া আৰু সক্ৰিয়  কৰিবলৈ আঁচনি প্রবন্ধকজনে চলোৱা প্রচেষ্টাৰ হেতু তেওঁ ষড়যন্ত্র আৰু শত্রুতাৰ বলি হয়।

উল্লেখ্য যে কু-অভিসন্ধি আৰু স্বাৰ্থ পূৰণৰ হেতু নগন্য সংখ্যক (২-১)স্বাস্থ্য বিষয়া-স্বাস্থ্য কৰ্মীয়ে নিজ পদবীৰ প্ৰভূত্ব খটুৱাই অভিযোগকাৰীৰূপে একাংশক প্ৰভৱান্বিত তথা বিপথে পৰিচালিত কৰাৰ কথা পোহৰলৈ আহিছে । কু-অভিসন্ধিকাৰী স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য কর্মী লগলাগি (যিসকলে  নিজেই অনিয়মীয়া দায়িত্বহীন) আঁচনি প্রবন্ধকজনৰ বিৰুদ্ধে মিথ্যা আৰু মনেসজা অভিযোগ তুলি সংশ্লিষ্ট বিভাগত বেনামী অভিযোগ পত্র দি বদলিকৰণৰ  নির্দেশ উলিয়ায় । অভিযোগ পত্ৰত জাল  চহীৰে এজনেই চাৰি-পাঁচজনৰ চহী কৰি সংশ্লিষ্ট বিভাগক বেনামী অভিযোগ পত্ৰ দি বদলিকৰণৰ নিৰ্দেশ উলিয়ায় । বৃহত্তৰ স্বাস্থ্য খণ্ডটোৰ হিতাধিকাৰী ৰাইজ, অনুষ্ঠান-প্রতিষ্ঠান, দল-সংগঠন, সচেতন নাগৰিক সকলৰ তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ, অনাস্থা বা অসন্তুষ্টি নাই। বৰং  তেওঁ জিলাখনৰ ভিতৰতে (আঁচনি প্রবন্ধক) এগৰাকী গতিশীল, সক্রিয়, দায়িত্বশীল, নিয়মানুবর্তী, সময়নিষ্ঠ, ত্যাগ-মনোভাবৰ সৰবৰহী  বিপিএম ৷প্রায় দুইবছৰ ধৰি চলি থকা বিশ্বত্ৰাস অতিমাৰী ক’ৰোনা মহামাৰীৰ দুর্দিনত তেওঁ ত্যাগ, মহানুভব, দক্ষতাপূর্ণভাবে দিন-ৰাতি, একাকাৰ কৰি মানুহৰ সেৱা আৰু  খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রটোৰ  সৰ্বাঙ্গীন হিতৰ হেতু শাৰীৰিক-মানসিকভাৱে অপৰিসীম আত্মসংম্পৃক্ত হৈ আহিছে। কাৰোৰে প্ৰতি বেয়া ভাব  নথকা, সততে মিষ্ট আচৰণৰ অধিকাৰী আঁচনি প্রৱন্ধক  গৰাকীৰ প্রতি নঞার্থক ভাব প্রতিপন্ন কৰি  মিথ্যা কালিমা  সানিব খোজাটো  সমষ্টিবাাসীৰ সচেতন নাগৰিক সকলে  কোনোপধ্যে মানি  ল’ব নোৱাৰোঁ বুলি ইতিমধ্যে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন আদিয়ে অভিহিত কৰিছে ৷তেওঁৰ দৰে মানৱ সেৱী ব্যক্তি সমষ্টি বাসীয়ে সদায় বিচাৰোঁ।

গতিকে আঁচনি প্রৱন্ধক পংকজ সভাপণ্ডিতদেৱৰ বদলিকৰণৰ নির্দেশ বাতিল কৰিবলৈ  ইতিমধ্যে দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠা সমুহে সংশ্লিষ্ট বিভাগ,কতৃপক্ষক বিনম্রভাবে প্রার্থনা জনাইছে ৷ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতৰ  বিৰুদ্ধে সংগ্ৰহ কৰা চহীবোৰ জাল কৰা  বুলি স্বাস্থ্য কৰ্মী সকলে অভিযোগ কৰিছে ৷ এই সম্পৰ্কত  ৩০ডিচেম্বৰত একাংশ স্বাস্থ্য কৰ্মীয়ে তেওঁলোকৰ  চহী জাল কৰা বুলি একাংশ স্বাস্থ্য কৰ্মীয়ে  ওদালগুৰি জিলাৰ উপায়ুক্তক অভিযোগ দাখিল কৰিছে

Related Articles