গোগামুখ ক্ৰিকেট লীগত পমুৱা একাদশ চেম্পিয়ন

ধেমাজি জিলাৰ গোগামুখৰ গোগামুখস্থিত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আটাই ইউনাইটেড ক্লাবৰ উদ্যোগত এন এইচ পি চিৰ আৰু এম এ চিৰ আৰ্থিক সাহায্যত অনুষ্ঠিত হৈ থকা গোগামুখ ক্ৰিকেট লীগ প্ৰতিযোগিতাত পমুৱা ক্ৰিকেট একাদশে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ৷ বুধবাৰে লীগৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলত পমুৱা ক্ৰিকেট একাদশে লটিয়া ক্ৰিকেট একাদশক পৰাজিত কৰি চেম্পিয়নৰ সন্মান লাভ কৰে ৷

খেলৰ অন্তত বিজয়ী দলক নগদ ৩০ হাজাৰ টকাৰ লগতে ট্ৰফী আৰু বিজিত দলক ২০ হাজাৰ টকাৰ লগতে মেন অৱ দ্যা মেচ আৰু মেন অৱ দ্যা ছিৰিজৰ সন্মান লাভ কৰা খেলুৱৈ সকলকো নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয় ৷ বঁটা বিতৰণি সভাত সভাপতিত্ব কৰে অটাই ইউনাইটেডৰ সভাপতি খনিন্দ্ৰ কামানে ৷ আঁত ধৰে সম্পাদক চন্দন দলেয়ে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এম এ চিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীৰ লগতে বহু ক্ৰীড়া সংগঠক ৷

Related Articles