Breaking

সৰিয়হৰ খেতি কৰি স্বাৱলম্বী খৈৰাবাৰীৰ যুৱক

0 265

যি সময়ত একাংশ শিক্ষিত নিবনুৱাই চাকৰি  বিচাৰি হাবাথুৰী খাই ফুৰিছে, কিম্বা পেটৰ তাৰনাত বহিৰাজ্যলৈ গৈ কঠোৰ পৰিশ্ৰম কৰি আছে। থিক তেনে সময়তে ওদালগুৰি জিলা খৈৰাবাৰী কুহিয়াৰকুছি মালদাংপাৰা গাঁ‌ৱৰ কেইজনমান  যুৱকে সান নামৰ এটা NGO গঠন কৰি কোনোধৰণৰ চৰকাৰী সাহায্য নোহোৱাকৈ বিগত কেইবা বছৰ ধৰি খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰি আহিছে লগতে আন কেইজনমান যুৱককো নিয়োজিত কৰি অঞ্চলটোত স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে।

সেয়েহে সান NGO য়ে অন্য বছৰৰ দৰে এইবছৰো প্ৰায় ৮০ বিঘাৰো অধিক সৰিয়হৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ দিশে গতি কৰিছে। তেওঁলোকে কয় যে বিচাৰিব জানিলে নিজৰ ঠাইতে সোণ পোৱা যায় যাৰ পৰিপেক্ষিতত তেখেত সকলে এইবছৰৰ ৫০০-কুইন্টেলৰো অধিক সৰিয়হ উৎপাদন কৰাৰ আশা প্ৰকাশ কৰিছে, সেয়েহে বৰ্তমান সময়ত চাকৰী বিচাৰি বহিৰাজ্যলৈ যোৱাত কৈ নিজৰ ঠাইতে ভালদৰে খেতি কৰি স্বাৱলম্বী হ’ব পাৰে সেয়েহে সকলোৱে  কৰ্মমুখি হওক বুলি আহ্বান জনাইছে।

Leave A Reply