মাজুলীৰ যুৱ কবি তথা সাহিত্য সংগঠক দৰিয়া গাওঁৰ নিৱাসী শংকুসিদ্ধ নাথক “আজিৰ কবিতা”ৰ ২০২১-ৰ কাব্য প্ৰেৰণা বঁটা প্ৰদান কৰা হয় | অসমৰ জনপ্ৰিয় কাব্য পত্রিকা ‘আজিৰ কবিতা’ৰ ৩য় সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ‘আজিৰ কবিতা’, মেজাংকৰী প্ৰকাশন আৰু নগাঁও আলিপুখুৰী শাখা সাহিত্য সভাৰ সন্মিলিত উদ্যোগত নগাঁওৰ বটদ্ৰৱাস্থিত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অাজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা বটাঁ প্ৰদান , সম্বৰ্ধনা, গ্ৰন্থ উন্মোচনী আৰু কাব্যানুষ্ঠানৰ কাৰ্যসূচীত কবিগৰাকীলৈ এই বটাঁ প্ৰদান কৰা হয় | বিশিষ্ট সমালোচক তথা কবি বিপুল শৰ্মাই সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে সাহিত্য সংগঠক তথা কবি কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ বৰুৱা, আজিৰ কবিতা’ৰ সম্পাদক বিনয় চলিহা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ প্ৰাঃ সভাপতি দিল্স লক্ষ্মীন্দৰ সিংহ, ৰোণাল্ডো টাইদ, হেমেন ৰাজবংশী, দুলাল বৰা, ইন্দ্ৰমোহন বৰুৱা,মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা প্ৰমুখ্যে অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰাৰ পিছতে দুই শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত সভাখনৰ অন্যতম কাৰ্য্যসূচী স্বৰূপে শংকুসিদ্ধ নাথক তেওঁৰ অসমীয়া ভাষা সাহিত্য আৰু কাব্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে গামোচা, চেলেং, প্ৰশস্তি পত্র আৰু স্মাৰক প্ৰদানেৰে আজিৰ কবিতা’ৰ অই বঁটা প্ৰদান কৰা হয় | শংকুসিদ্ধ নাথে বটাঁ লাভ কৰাৰ খৱৰে সাহিত্যনুৰাগীসকল উৎফুল্লিত হোৱাৰ লগতে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা প্ৰমুখ্যে বিভিন্ন দল-সংগঠনে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছে |
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…