গহপুুুৰ মহকুমাৰ অন্তৰ্গত টঙনা গাঁৱত জন্মদিনৰ এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশিষ্ট কবি তথা জ্যেষ্ঠ সাংবাদিক নগেন কোঁৱৰে তেওঁৰ নাতিক তেওঁৰ দ্বাৰা ৰচিত এখন শিশু গল্পপুথি দুবছৰীয়া জন্মদিনত আনুষ্ঠানিকভাৱে উপহাৰ দিয়ে। বিশিষ্ট কবি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰীৰ সঞ্চালনাত গহপুুুৰৰ জ্যেষ্ঠ সাংবাদিক তথা গহপুুুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভুৱন শইকীয়াৰ বাসগৃহত কালি দিনৰ ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত জন্মদিনৰ সভাখনি ক’ভিড প্ৰট’কল মানি পালন কৰা হয়। বিপুল কুমাৰ দিহিঙীয়া আৰু জগদীশ শৰ্মাই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া আৰু উদ্যোগী মহিলা নিমিষা কোঁৱৰ শইকীয়াৰ সন্তান মেঘনিভক আনুষ্ঠানিকভাৱে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভালেসংখ্যক শুভাকাংক্ষীয়ে জন্মদিনৰ ওলগ আৰু উপহাৰ জ্ঞাপন কৰে। সভাতে বিশিষ্ট কবি-গীতিকাৰ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঞি, গহপুুুৰ কবি কাননৰ সভানেত্ৰী তথা মেঘনিভৰ আইতাক নিকুঞ্জ কোঁৱৰ মহন্ত, বিশিষ্ট কবি তথা বিশ্বনাথ জিলা নাট্য সন্মিলনৰ সভাপতি বংশী বৰা, বিশিষ্ট নাট্যকাৰ দিলীপ বৰাই আনুষ্ঠানিকভাৱে ‘উপহাৰঃ মেঘনিভলৈ’ গ্ৰন্থখনি উন্মোচন কৰে। গ্ৰন্থখনিত নগেন কোঁৱৰৰ ছটা শিশু উপযোগী গল্প আৰু মেঘনিভৰ জন্মদিনত বিভিন্নজনে সামাজিক মাধ্যমত প্ৰদান কৰা শুভেচ্ছামূলক বক্তব্য সংযোগ কৰা হৈছে। লগতে মেঘনিভৰ প্ৰতি পল-অনুপল শীৰ্ষক এটি অধ্যায়ত মেঘনিভৰ বিভিন্ন ক্ষণৰ ফটো সংযোগ কৰা হৈছে। উন্মোচনী ভাষণ প্ৰসংগত বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে নগেন কোঁৱৰৰ এনে ব্যতিক্ৰমী পদক্ষেপ আদৰণীয় বুলি উল্লেখ কৰি কয় যে বৰ্তমানৰ এই ধামখুমীয়া সমাজ ব্যৱস্থাত বহু ধনী লোকে জন্মদিনৰ পাৰ্টি দিয়ে। বহু ডাঙৰ ডাঙৰ হোটেল, ৰেষ্টুৰেণ্টত লাখ টকা খৰচ কৰি কাৰ্যসূচী ৰূপায়ণ কৰা দেখিছোঁ। কিন্তু এনেধৰণৰ কাৰ্যসূচী দেখিবলৈ পোৱা নাযায়। আচলতে এই কাৰ্যসূচী আমাৰ বাবে বিৰল। মেঘনিভ এই কণমানিৰ বাবে তেওঁৰ ককাক বিশিষ্ট কবি নগেন কোঁৱৰে এখন নিজে লিখা গ্ৰন্থ উপহাৰ দিছে, কেনে ভাল খবৰ নহয়নে বাৰু। আজি কণমানি মেঘনিভে বুজা নাই, কিন্তু মেঘনিভৰ বাবে এই পুথিখনেই মাইলৰ খুঁটি হ’ব বুলি ভাবো বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজা, দিগন্ত গোহাঞি, গহপুুুৰ ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া নমিতা বৰা, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকা, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰধান সচিব ৰিতুল বৰুৱা, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, সিদ্ধেশ্বৰ হাজৰিকা, চাও চন্দন বৰুৱা, তৰুণ চন্দ্ৰ বৰা, অনন্ত শইকীয়া, আইতাক নিকুঞ্জ কোঁৱৰ মহন্ত, বিশিষ্ট কবি তথা মেঘনিভৰ আইতাক সবিতা কোঁৱৰ, যশোদা কোঁৱৰ, বিশিষ্ট সমাজকৰ্মী তথা শংকৰদেৱ শিক্ষা নিকেতনৰ স্বত্বাধিকাৰী উদয় আদিত্য গোস্বামী, বিপুল গাংগুলী, উদ্যোগী মহিলা অংকিতা গোস্বামী, গহপুুুৰ মহকুমাৰ ছাত্ৰ সন্থাৰ দিব্যজ্যোতি ভূঞা, পল্লৱ তাঁতী, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিপুল হীৰা, হৰেন দাস, মিলন দাস, টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দ্বিগবিজয় দলে, এম এম কেৰ জিলা সমিতিৰ সম্পাদক কালিৰাম মিলি, জিনজিয়াৰ সাংবাদিক পংকজ বৰুৱা, গহপুুুৰৰ সাংবাদিক মৃদুল কুমাৰ বৰা, দীপ কুমাৰ শৰ্মা, ভাস্কৰজ্যোতি ভূঞা, নৱজিৎ শইকীয়া, ৰাজীৱ বৰা,অমৰজ্যোতি বৰা, পলাশ ফুকন, মুন গগৈ, পৰাশ শইকীয়া, বিপ্লৱ নেওগ, ৰূপক ভূঞা, সমীৰণ বৰাৰ লগতে দীপা শইকীয়া, সংগীতা গগৈ দিহিঙীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি মেঘনিভক শুভেচ্ছা জ্ঞাপন কৰি বক্তব্য আগবঢ়ায়। সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াই বৰগীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সভাত ৰবীন্দ্ৰ কাকতি, দিগন্ত বৰা, ৰঞ্জন মহন্তকে ধৰি কেইবাগৰাকীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। পিছৰ কাৰ্যসূচী অনুসৰী সন্ধিয়া বৃক্ষ মানৱ বকুল গগৈয়ে মেঘনিভৰ জন্মদিন উপলক্ষ্যে এটি গছপুলি ৰোপণ কৰাৰ পাছতে সুৰজিৎ শইকীয়াই আঁতধৰা অনুষ্ঠানত বিধায়ক উৎপল বৰা, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ স্বত্বাধিকাৰী যাদৱ চলিহা, আটছাৰ জিলা সমিতিৰ সম্পাদক নীলোৎপল ৰবিদাস, উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পংকজ মহানন, শংকৰদেৱ শিক্ষা নিকেতনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত শইকীয়া, ক্ৰীড়াবিদ নিদুল পাটগিৰি, গহপুুুৰ মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ ৰবীন দেউৰী, জ্ঞান ভাৰতী একাডেমীৰ স্বত্বাধিকাৰী গৌৰাংগ বৰা, অধ্যক্ষা জিলমিল তামূলীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত জনপ্ৰিয় কণ্ঠশিল্পী গীত নিপু, প্ৰণৱজ্যোতি শইকীয়া, উৎপল নেওগ, অভিনৱ ৰাজখোৱাই গীত পৰিৱেশন কৰাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী মহিলাই বিয়ানাম পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। মেঘনিভৰ পিতৃ ভুৱন শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত মেঘনিভৰ ককাক কমল শইকীয়া, আইতাক দালিমী শইকীয়া, বৰদেউতাক পিংকু শইকীয়া, ৰিঞ্জু শইকীয়া, মাইনু শইকীয়াৰ লগতে আইতাক পূৰ্ণিমা কোঁৱৰ, মামাক হিৰন্ময় কোঁৱৰ, মামী মিতালী কোঁৱৰে অনুষ্ঠানটি ৰূপায়ণ কৰাত বিশেষভাৱে সহযোগ আগবঢ়ায়।নিতুল বৰা হাৱাজান ।Attachments area
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…
- তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…